/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/36fde760-fdcd-48fc-97a5-9191e0a5b06e/himanta_21.jpg)
সমগ্ৰ গুৱাহাটীত হ'ব চি চি টিভি সংযোজনঃ পাঞ্জাবাৰী হত্যাকাণ্ডৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত হোৱা ডকাইতি কাণ্ডই ৰাজ্যজুৰি ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মহানগৰীৰ মাজমজিয়াত গুলীয়াই হত্যা কৰি ডকাইতি কাণ্ড সংঘটিত কৰা কাৰ্যই আৰক্ষী, প্ৰশাসনৰ ফোপোলা স্বৰূপটো উন্মোচন কৰাৰ পিছতে গৃহ বিভাগ নিজৰ লগত ৰখা মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত মুখ খুলিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, আৰক্ষীৰ হাতত ঘটনাৰ প্ৰাৰম্ভিক ক্লু আছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু অতি সোনকালেই অপৰাধী ধৰা পৰিব।
আনহাতে মহানগৰীত চি চি টিভি স্থাপন কৰাৰ সন্দৰ্ভত তেওঁ কয় যে, ইতিমধ্যে ট্ৰেফিক ছিগনেলবোৰত চি চি টিভি সংলগ্ন কৰা হৈছে। অতি শীঘ্ৰেই অন্যান্য স্থানসমূহতো চি চি টিভি সংযোগ কৰা হ'ব। তেওঁ স্মাৰ্ট চিটীৰ পৰৱৰ্তী প্ৰজেক্ট চি চি টিভিৰ সংযোজনৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও মন্তব্য কৰিছে।
উল্লেখ্য যে, সোমবাৰে পূৰডী ডায়েৰীৰ ধন জমা কৰিবলৈ আহি ৰঞ্জিত দাস নামৰ লোকজন দুৰ্বৃত্তৰ গুলীত নিহত হ'বলগীয়া হৈছে। এই ঘটনাই মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰি অহা সুৰক্ষাৰ ফোপোলা স্বৰূপটো উন্মোচিত কৰিছে।
ক্লিক কৰি পঢ়কঃ শ্ৰদ্ধাৰ পিছত আৰধনাঃ প্ৰেমিক আৰু ভাতৃয়ে মিলি কাটি ৬ টুকুৰা কৰিলে দেহা...