/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5acefa9e-6a60-40dc-8cfe-085131627a5e/mayong_19.jpg)
লাচিত দিৱসৰ লগত সংগতি ৰাখি থলুৱা আৰু পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা...
ডিজিটেল সংবাদ মায়ংঃ অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা বীৰ যুদ্ধা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী মৰিগাঁও জিলা প্ৰশাসনেও বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ কৰিছে। জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত লাচিত দিৱসৰ আজি ১৯ নৱেম্বৰৰ দ্বিতীয় দিনা মৰিগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ ৮৫ খন গাঁও পঞ্চায়তত থলুৱা আৰু পৰম্পৰাগত খেল ক্ৰমে এঠেঙীয়া দৌৰ, ৰছী টনা, বেজীত সূতা লগোৱা, কুকুৰা যুঁজ, ঢেকেলী ভঙা খেল সম্পন্ন হয়।
মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ইন্দিৰা খেলপথাৰ, হাতীমুৰীয়া কলনি খেল পথাৰ আৰু মায়ং উন্নয়ণ খণ্ডৰ অন্তৰ্গত মায়ং আঞ্চলিক ক্ৰীড়া সংস্থাৰ খেলপথাৰত বহুল ভিত্তিত অনুষ্ঠিত কৰা হয়। মায়ং আঞ্চলিক খেল পথাৰত আজি পুৱাই জিলা উপায়ুক্তৰ দায়িত্বত থকা জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে খেল শুভাৰম্ভ কৰে।
শুভাৰম্ভ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস, আৰু অৰুন্ধতী নৰহ নিপুনেও অংশগ্ৰহণ কৰে। ৰছী টনা খেলত জিলা প্ৰশাসনৰ ক্ৰমে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস অৰুনন্তি নৰহ মিপুন ,মৈত্ৰীয় মৰানকে ধৰি ৮ জনীয়া দলটোৱে ৰছী টনা খেলত অংশ লৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে।
তদুপৰি প্ৰতিখন শিক্ষানুষ্ঠানত লাচিত বৰফুকনৰ ওপৰত ৰচনা প্ৰতিযোগিতা সম্পন্ন হয়। মৰিগাঁও জিলাৰ ২১৩৬ খন অংগনৱাড়ী কেন্দ্ৰত স্হানীয় ভাৱে নিৰ্মিত পুতলাৰ জৰিয়তে লাচিত বৰফুকনৰ ওপৰত সাধুকথা সম্পন্ন হয়।
মৰিগাঁও জিলা প্ৰশাসনৰ হৈ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে তদাৰক কৰা লাচিত দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।
ক্লিক কৰি পঢ়কঃ হজৰাপুখুৰীপাৰত আন এক শৰাইঘাট ! ‘লাচিত - বুৰঞ্জী লিখা তৰোৱাল’ নাটে ৰচিলে আন এক ইতিহাস...