/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e92a1b39-fb46-431e-a098-29a98bc6aac9/LACHIT_19.jpg)
‘লাচিত - বুৰঞ্জী লিখা তৰোৱাল’ নাটে ৰচিলে আন এক ইতিহাস
ডিজিটেল সংবাদ তেজপুৰঃ অসমৰ স্বৰ্ণোজ্বল ইতিহাসৰ অন্যতম অধ্যায় বীৰ লাচিতৰ পৰাক্ৰমৰ গাথাঁ স্মৰণেৰে আন এক ইতিহাস গঢ়িলে সাংস্কৃতিক নগৰী তেজপুৰে ৷ মোগলবাহিনীক বীৰ লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই কেনেকৈ পৰাভূত কৰিছিল তাৰ এক নাট্যৰূপ আজি তেজপুৰৰ ঐতিহাসিক হজৰা পুখুৰী পাৰত স্বচক্ষে প্ৰত্যক্ষ কৰিলে কেবা সহস্ৰাধিক দৰ্শকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1498daf4-1e8a-41ea-8954-fc21285d8e03/2557a1ea_7bdc_423c_aa99_c83c39aa6079.jpg)
উল্লেখ্য যে , বীৰ লাচিতৰ ৪০০বছৰীয়া জয়ন্তী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অসম ৰেপাৰাটীৰ২৫ সংখ্যক নাট্য নিবেদন ‘ লাচিত- বুৰঞ্জী লিখা তৰোৱাল’ উপভোগ কৰি অসম মাতৃৰ প্ৰেমত যেন আহ্লাদিত হৈ পৰিল জাত্যাভিমানী অসমীয়া দৰ্শকসকল ৷ শনিবাৰে সন্ধিয়া প্ৰদৰ্শিত হোৱা "লাচিত - বুৰঞ্জী লিখাৰ তৰোৱাল" নামৰ নয়ন জ্যোতি ভট্টাচাৰ্যৰ উপন্যাসখনৰ কাহিনীক নাট্যৰূপ দিয়া নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাৰ "লাচিত - বুৰঞ্জী লিখাৰ তৰোৱাল" নামৰ বহুল চৰ্চিত নাটকখন তেজপুৰৰ হজৰা পুখুৰী পাৰত মুক্তাংগনত প্ৰদৰ্শিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/35f072c2-f4f1-4053-abff-afa20c1b938b/8f6cb286_0388_4c98_9672_2b844f530c7c.jpg)
লাচিতৰ চৰিত্ৰত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, স্বৰ্গদেউ প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক তথা অভিনয় শিল্পী পদ্ম হাজৰিকাই হাতীত উঠি আহি কৰা অভিনয়, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ চৰিত্ৰত বিশিষ্ট অভিনেতা তথা স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা, আতন বৰগোহাঁইৰ চৰিত্ৰত ৰাজ্যৰ এগৰাকী বলিষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া, পাখৰী কুঁৱৰী চৰিত্ৰত বিশিষ্ট অভিনেত্ৰী ড° জাহানাৰা বেগম, বিশেষ এক চৰিত্ৰত মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা, জয়ধ্বজ সিংহৰ চৰিত্ৰত ভূপেন শৰ্মা আদি শিল্পীয়ে অভিনয় কৰা এই মুক্তাংগনৰ নাটখনিত জীৱনত পোনপ্ৰথমবাৰৰ বাবে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অভিনয় জীৱনৰ পাতনি মেলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/37831a0d-44e8-4f0d-9840-79676a4c3164/36113b84_f062_4ff4_bc9c_c6b25e7762e6.jpg)
বিভিন্ন চৰিত্ৰত অতি পাৰদৰ্শিতাৰে কুশীলৱসকলে অভিনয় কৰা এই নাটকখনত উপায়ুক্ত মিশ্ৰই চাওল্যুং চুকাফা চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি আন আন চৰিত্ৰত ক্ৰমে ৰাজীৱ শৰ্ম্মা, প্ৰশান্ত কুমাৰ বৰা, অবনী বৰা, ৰণজিৎ বৰা, নমিতা মহন্ত, উজ্জ্বল শইকীয়া, জান তালুকদাৰৰ উপৰি তেজপুৰৰ বহুকেজন অভিজ্ঞ আৰু পটু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে নাটকখনত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8429f1c4-c774-4884-a937-bb02a7c114bb/2e2313ce_4459_44fd_b5c2_c263edd307a5.jpg)
পুলক ডেকাৰ পৰিচালনাত ৰূপায়ণ কৰা নাটখনিত শব্দ আৰু পোহৰৰ মায়াজালত শিশুৰ পৰা জ্যেষ্ঠ দুইশতাধিক শিল্পীৰ অভিনয়ে দৰ্শকসকলক সন্মোহিত কৰি ৰাখিবলৈ সক্ষম হয় ৷ জীৱন্ত ঘোঁৰা- হাতী, অস্ত্ৰশস্ত্ৰৰ ঝনঝননি, ৰণশিঙা আৰু বৰটোপৰ ধ্বনিৰ লগতে পুখুৰীত নাৱেৰে প্ৰদৰ্শন কৰা ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ নাট্যৰূপৰ দৃশ্যই দৰ্শকবৃন্দৰ পাৰ ভঙা উৎসাহত এক অনন্য মাত্ৰা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/dc096f56-d810-4ae6-8ff2-2908b4619405/16dcc788_ec7a_49d2_a8ec_2d3cb41e6e23.jpg)
প্ৰকাশ যে , সিংহপুৰুষ পৰাগ চলিহাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমীয়া বীৰৰ পৰাক্ৰমৰ গাঁথাকলৈ তেজপুৰত এনেদৰে নাট্যৰূপত অসম বুৰঞ্জীৰ স্বৰ্ণিল ইতিহাসক স্মৰণ কৰা প্ৰয়াসে অসমৰ সাংস্কৃতিকক্ষেত্ৰখনৰ বাবেও এক নতুন ইতিহাসৰ স্বাক্ষৰ বহণ কৰিলে ৷ উল্লেখ্য যে, নাটখনি দেওবাৰেও সন্ধিয়া ৬-১৫ মিনিটত প্ৰদৰ্শন কৰা হ’ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1e1f9868-5404-45c6-8638-1235c1be1164/ed718d60_e2f5_46bb_b6ad_0b2af159d189.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f7bb8bba-2c4b-4df3-8553-72e03689b659/b4e2d00e_fd10_4c37_9e11_902c56ee171d.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d95b54f2-2cf6-404a-b728-d8b5cb3c3af6/14c4e03a_f069_4292_805d_b058bc8e4d16.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/88436657-8f43-4c27-a9ed-73f43d0408c1/b35929ad_31d3_431d_a1ee_7410f3bb2720.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7ae58146-4476-4dde-b1ec-9e814158cff1/efca27e7_9c59_4030_a045_6214cf8d02cd.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/bcc6e89d-1b09-4c80-acad-fe5475f25bf1/f3669d0d_1bad_4d47_9d8b_6064a3e21434.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/dc3cc485-ce28-4fa0-a76c-12fee9f6fdb6/170551b5_80d8_4757_b0b8_841ca311a53e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d89adac4-a31c-4c14-b488-f9685f791f59/3c5e8a94_b052_47d8_b89d_cdd7aba29ec2.jpg)