উৰুকা উপলক্ষে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰত আছে মাছ ধৰাৰ অনুমতি, নাই কাজিৰঙাৰ বিলত...

উৰুকা উপলক্ষে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰত আছে মাছ ধৰাৰ অনুমতি, নাই কাজিৰঙাৰ বিলত...
উৰুকা উপলক্ষে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰত আছে মাছ ধৰাৰ অনুমতি, নাই কাজিৰঙাৰ বিলত...

ডিজিটেল ডেস্কঃ প্ৰশাসনৰ এক নিৰ্দেশনাক কেন্দ্ৰ কৰি কাজিৰঙা আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাইজৰ মাজত চলিছে ব্যাপক প্ৰতিক্ৰিয়া। নিৰ্দেশনাৰ জৰিয়তে উৰুকা আৰু মাঘ বিহুত কজিৰঙাত সমূহীয়া মৎস্য চিকাৰত বাধা প্ৰদান কৰা হৈছে। জাৰি কৰা হৈছে ১৪৪ ধাৰা। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুকা আৰু মাঘৰ বিহু উপলক্ষে মাছ ধৰিব পাৰিব বুলি মন্তব্য কৰাৰ এক কথাও চৰ্চালৈ আহিছে। মুখ্যমন্ত্ৰী ভাষ্য আৰু জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক কেন্দ্ৰ কৰি সেয় এতিয়া বিবোধিত পৰিছে কাজিৰঙা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকল।

দৰাচলতে যোৱা ৮ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ মহকুমাকে ধৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ, বিহালী, গহপুৰ আৰু চতিয়া সমষ্টিৰ মাছমৰীয়াসকলৰ অধিকাৰ সুৰক্ষা সন্দৰ্ভত এক ভাৰ্ছুৱেল বৈঠকত অংশগ্ৰহণ কৰিছিল। বৈঠকখনত উপস্থিত আছিল জিলা উপায়ুক্ত, মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু মন্ত্ৰীচন্দ্ৰমোহন পাটোৱাৰী, সাংসদ পল্লৱলোচন দাস, বিধায়ক ৰঞ্জিৎ দত্ত, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু সংমণ্ডল বন বিষয়া।

এই বৈঠকতে সকলো প্ৰাসংগিক বিষয়ত আলোচনাৰে উৰুকা আৰু মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ অন্তৰ্গত এই বিধানসভা সমষ্টিসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীত প্ৰকৃত মাছমৰীয়াসকলক আৰক্ষীৰ কঠোৰ তত্বাৱধানত মাছ ধৰাৰ অনুমতি দিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্দেশ প্ৰদান কৰে। এইক্ষেত্ৰত উপায়ুক্তক আৰক্ষী অধীক্ষক আৰু ডি এফ অ’সকলৰ সৈতে মিলি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয়। ইয়াৰোপৰি প্ৰকৃত মাছমৰীয়াৰ স্বাৰ্থ ৰক্ষাৰ্থে ২০ জানুৱাৰীৰ ভিতৰত নিজ নিজ বিধানসভাৰ অন্তৰ্গত নদীত মাছ ধৰাৰ নিয়ম ধাৰ্য্য কৰাৰ কথাও প্ৰকাশ কৰা হৈছিল।

এই আলোচনাৰ বিষয়ে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা সামাজিক মাধ্যমতো প্ৰচাৰ কৰা হৈছিল। কিন্তু ইয়াত কাজিৰঙাৰ মাছ ধৰাৰ বিষয়টো সন্দৰ্ভকত আলোচনা হোৱা নাছিল অথবা কাজিৰঙাত মাছ ধৰিবলৈ অনুমতি প্ৰদান কৰাৰ কোনো কথা প্ৰচাৰ কৰা হোৱা নাছিল।

উল্লেখ্য যে ৰাজ্যখনৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকসকলক মাঘ বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধানকৈ সীমান্ত এলেকাত থকা কিছু বিলত মাছ ধৰাৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু বিগত কিছু বছৰৰ পৰা কাজিৰঙাত ৰাজহুৱা মৎস্য চিকাৰ কৰাত বাধা প্ৰদান কৰি অহা হৈছে। যাৰ পৰিণতিত বিগত বছৰত গুলী চালনাৰ দৰে ঘটনা সংঘটিতও হৈছিল।

https://m.facebook.com/story.php?story_fbid=pfbid06aznSotusepeZDy2voKEoVTazGJuW27SWiNJfEdQsD5WznePy5ew9MTmpjFoXUh7l&id=100069268447332&sfnsn=wiwspwa&mibextid=ijjfgs

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in