জনতাক মাধমাৰঃ এতিয়াৰ পৰা ঘাইপথত ভৰিব লাগিব বৰ্ধিত মাচুল

জনতাক মাধমাৰঃ এতিয়াৰ পৰা ঘাইপথত ভৰিব লাগিব বৰ্ধিত মাচুল

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পিছতেই দেশত বাঢ়িল ৰাষ্ট্ৰীয় ঘাইপথসমূহত থকা টোলগে'টৰ মাচুল। ৩ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টোলগে'টৰ মাচুল। সেইমতে টোলগেটৰ মাচুল ৩ ৰ পৰা ৫ শতাংশলৈ বৃদ্ধি হ'ব। এই টোলগে'টসমূহৰ দায়িত্ববাহী সংস্থা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰিছে।

প্ৰাধিকৰণৰ মতে টোলগে'টৰ মাচুল বৃদ্ধি কৰাটো বছৰেকীয়া প্রক্রিয়া। প্রতিবছৰে বিত্তীয় বৰ্ষৰ আৰম্ভণিত অর্থাৎ এপ্রিল মাহত এই মাচুল বৃদ্ধি কৰা হয়। কিন্তু এইবাৰ লোকসভা নির্বাচন থকাৰ বাবে মাচুল বৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰা হোৱা নাছিল।

কিন্তু সেয়া হ'লেও এই বৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধোৱাটো নিশ্চিত। উল্লেখযোগ্য যে সমগ্র দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহত মুঠ ১,১০০ খন টোলগে'ট আছে। অসমত থকা টোলগে'টৰ সংখ্যা ৭ খন। সেইবোৰ ক্ৰমে কোকৰাঝাৰ জিলাৰ পাটগাঁৱত থকা টোলগে'ট, চিৰাং জিলাৰ বিজনী, বৰপেটা জিলাৰ ভৱানীপুৰ, কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ, নগাঁও জিলাৰ ৰহা আৰু হোজাই জিলাৰ ডবকাত টোলগে'ট আছে।

ৰাজ্যত আৰু ১৮ খন টোলগে'ট নতুনকৈ বহুওৱা হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে অহা দিনবোৰত সাধাৰণ ৰাইজ অধিক চৰকাৰী লুণ্ঠনৰ বলি হ'বলৈ গৈ আছে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে টোলগেটৰ মাচুল বৃদ্ধি কৰাৰ অধিসূচনা জাৰি কৰিছে। সেইমতে সোমবাৰৰ পৰা দেশৰ প্ৰতিখন টোলগে'টত মাচুলৰ পৰিমাণ বৰ্তমানৰ তুলনাত ৩-৫ শতাংশলৈ বৃদ্ধি পাব।

প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্যানুসৰি বিগত বছৰসমূহত টোলগে'টৰ জৰিয়তে সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। ২০১৮-১৯ বৰ্ষত টোলগে'টৰ ৰাজহৰ পৰিমাণ ২৫২ নিযুত টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত এই পৰিমাণ ৫৪০ নিযুত টকালৈ বৃদ্ধি পায়। এতিয়া মাচুল বৃদ্ধিৰ ফলত এই পৰিমাণ আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত। কাৰণ প্ৰতিখন টোলগেটতেই ৰাইজে দিয়া পূৰ্বৰ তুলনাত অধিক পৰিমাণৰ ধন আদায় দিব লাগিব।

উদাহৰণস্বৰূপে ক'ব পাৰি যে অসমত থকা টোলগে'টসমূহত আন বাণিজ্যিক বাহনৰ কথা বাদ দিলেও সৰু চাৰিচকীয়া গাড়ী আৰু আটাইতকৈ ডাঙৰ যাত্রীবাহী গাড়ীৰ ক্ষেত্ৰত আদায় কৰা মাচুল এনেধৰণৰ- পাটগাঁৱত সৰু গাড়ীত ১০০ টকা, বাছত ৩৭০ টকা, বিজনীত সৰু গাড়ীত ৬৫ টকা আৰু বাছত ৪২০ টকা, ভৱানীপুৰত সৰু গাড়ীত ৪৫ টকা, বাছত ৩০০ টকা, মদনপুৰত সৰু গাড়ীত ১৩০ টকা, বাছত ৪৪০ টকা, সোণাপুৰত সৰু গাড়ীত ১৩৫ টকা, বাছত ৪৫৫ টকা, ৰহাত সৰু গাড়ীত ১১৫ টকা, বাছত ৩৯০ টকা আৰু ডবকাত সৰু গাড়ীত ৮০ টকা আৰু বাছত ৫১৫ টকা।

যদিহে টোলগে'টসমূহত ৫ শতাংশকৈ মাচুল বৃদ্ধি হোৱা বুলি ধৰা হয়, তেন্তে আটাইতকৈ কম মাচুল থকা বিজনী টোলগেটত প্রতিখন সৰু গাড়ীৰ মাচুল বৰ্তমানৰ ৬৫ টকাৰ ঠাইত ৬৮.২৫ টকা হ'বগৈ। একেদৰে বাছৰ মাচুল ৪২০ টকাৰ ঠাইত ৪৪১ টকা হ'বগৈ। একেদৰে মদনপুৰত সৰু গাড়ীৰ মাচুল ১২০ টকাৰ ঠাইত ১৩৭ টকা আৰু ডাঙৰ বাছৰ মাচুল ৪৪০ টকাৰ ঠাইত ৪৬২ টকা হ'বগৈ। এনেদৰে প্ৰতিখন টোলগে'টত বাঢ়িব মাচুলৰ পৰিমাণ। ফলত বাঢ়িব বাছ তথা আন বাণিজ্যিক বাহনৰ ভাড়াৰ পৰিমাণ। বাণিজ্যিক বাহনৰ ভাড়া বৃদ্ধি হোৱাৰ লগে লগে এই বাহনে কঢ়িওৱা সামগ্ৰীৰ মূল্যও বাঢ়িব। মুঠতে সকলো দিশৰ পৰা সাধাৰণ জনতাই টেটুচেপা খোৱাটো নিশ্চিত।

জনতাক মাধমাৰঃ এতিয়াৰ পৰা ঘাইপথত ভৰিব লাগিব বৰ্ধিত মাচুল
'মানুহে মানুহৰ বাবে, দৰং অসম'ৰ অন্তৰংগ আলাপ আৰু সম্বর্ধনা অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in