/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3fe5996a-b3e9-4f03-b965-1714fd76f99d/2.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মাত্র তিনি হেজাৰ টকা হাতত লৈ অধ্যাপক ৰাজেন্দ্র বৰুৱাৰ নেতৃত্বত যেতিয়া আমি মঙলদৈ নদীৰ সোঁত সলনি কৰাৰ বাবে আগবাঢ়িছিলো, তেতিয়া একাংশ চৰকাৰী বিষয়া আৰু দুই-এজন স্থানীয় লোকেও আমাক হাঁহিছিল, 'ঠাট্টা, বিদ্রূপ কৰিছিল। কিন্তু মঙলদৈ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে অধ্যাপক ৰাজেন্দ্র বৰুৱা আৰু অন্যান্য শিক্ষকসকলৰ সাহস আৰু প্রেৰণাত মঙলদৈ নদীৰ সোঁত সলনি কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছিল। এই নদীৰ সোঁত সলনি কৰাৰ ফলস্বৰূপে আজিৰ আধুনিক মঙলদৈৰ সৃষ্টি।'- এই ভাষ্য মঙলদৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বর্তমান নগাঁৱৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মাৰ। দেওবাৰে মঙলদৈ কৰিমচকৰ উত্তৰ মঙলদৈ সার্বজনীন উন্নতি সাধনী সভাৰ প্ৰেক্ষাগৃহত 'মানুহে মানুহৰ বাবে... দৰং অসম'ৰ উদ্যোগত অনুষ্ঠিত অন্তৰংগ আলাপ আৰু সম্বর্ধনা অনুষ্ঠানত সম্বর্ধিত অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱাৰ বিষয়ে ড° বিজয় কুমাৰ শৰ্মাই এনেদৰে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9342d7ac-2c16-4a36-906f-dae85a0faaa7/e41a8900-6854-409c-a79e-7ea420b4f464.jpg)
তেওঁ লগতে ৰাজেন্দ্ৰ বৰুৱাক অকল শিক্ষকেই নহয়, মইনা পাৰিজাত, স্কাউট এন্ড গাইড, বিভিন্ন শিক্ষানুষ্ঠান গঢ়োতা আৰু সমাজসেৱক বুলি অভিহিত কৰে। আনহাতে এই অনুষ্ঠানত সম্বর্ধিত'সাপ্তাহিক মংগল বাতৰি'ৰ মুখ্য সম্পাদক প্রশান্ত বৰুৱা সন্দর্ভত জ্যেষ্ঠ সাংবাদিক গৌতমানন্দ গোস্বামীয়ে কয়- 'মঙলদৈৰ দৰে সৰু চহৰখনৰ পৰা ৪৭ বছৰে এখন সাপ্তাহিক কাকত নিৰৱচ্ছিন্নভাবে প্রকাশ আৰু সম্পাদনা কৰি অহা প্রশান্ত বৰুৱা দৰঙৰ সাংবাদিকতা ক্ষেত্ৰখনৰ বাবে 'পিতামহ'স্বৰূপ। বহু ঘাত-প্রতিঘাতৰ মাজতো তেওঁ এই কাকতখনৰ জৰিয়তে বহু সাংবাদিকৰ জন্ম দিলে, দৰঙৰ বহু সমস্যা দাঙি ধৰি তাৰ সমাধান কৰিবলৈ প্ৰশাসনক বাধ্য কৰালে।' প্ৰচাৰবিমুখ ৰাজেন্দ্ৰ বৰুৱা আৰু প্ৰশান্ত বৰুৱাক এইদৰে সন্মানিত কৰাৰ বাবে তেওঁ সংগঠনটোক প্রশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e1b47b2a-abc0-443c-ac53-f90b8ed6c7fb/8595ef5f-96f3-438f-9886-7ce7f87f6797.jpg)
অনুষ্ঠানত দ্বিজেন্দ্র মোহন দেবশর্মা, এনি ভূঞা আদিয়ে গীত পৰিৱেশন কৰে। সভাত মানুহে মানুহৰ বাবে.... দৰং, অসম'ৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱা আৰু প্রবীণ সাংবাদিক প্রশান্ত বৰুৱাৰ বিষয়ে দুখন অভিনন্দন গ্রন্থ প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সাংবাদিক প্রশান্ত বৰুৱাৰ অভিনন্দন গ্রন্থখন ৰাইজৰ সহযোগত মানবতাবাদী সংগঠনটোৱে নিজাকৈ আৰু ৰাজেন্দ্র বৰুৱাৰ গ্ৰন্থখন তেওঁৰ ঘৰৰ পৃষ্ঠপোষকতাত প্ৰকাশ কৰা হ'ব।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী 'মানুহে মানুহৰ বাবে...' শীর্ষক গীতটি পৰিৱেশনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত দুয়োগৰাকী সম্বর্ধিত ব্যক্তিক গিৰিজা কুমাৰ, মীৰা দত্ত চৌধুৰী, ৰঞ্জিতা শর্মা, দুলু দেবী, পুৰন্দৰ চমুৱা, শাশ্বতী শৰ্মা, সোমেশ্বৰী দাস, অণিমা চহৰীয়া, গোলোক শইকীয়া, ৰাণী চহৰীয়া আৰু ক্ষমা চৌধুৰীয়ে নিজাকৈ সম্বর্ধনা জ্ঞাপন কৰে।
সভাপতি আনোৱাৰ হুছেইনে আদৰণী ভাষণ দিয়া আৰু সাধাৰণ সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্র কুমাৰ মেধি, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন চন্দ্ৰ হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, ড° কমলাকান্ত বৰাই বক্তব্য প্ৰদান কৰে।
লগতে কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেবী, দৰং জিলা সাহিত্য সভাৰ প্রাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বাসব চন্দ্র ডেকা, সাহিত্যিক ক্ষীৰুমণি বৰুৱা, সমাজসেবক শেখৰ মজুমদাৰ আদিয়ে দুয়োগৰাকী সম্বর্ধিত ব্যক্তিৰ বিষয়ে বক্তব্য প্ৰদান কৰে।
Also Read: আজি বিশ্ব চাইকেল দিৱস
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us