আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস। ১ ডিচেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব এইডছ দিৱস হিচাপে

author-image
Asomiya Pratidin
New Update
আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস

ডিজিটেল ডেস্কঃ আজি বিশ্ব এইডছ দিৱস। ১ ডিচেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব এইডছ দিৱস হিচাপে। এই ৰোগত আক্ৰান্ত বা মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনায় পালন কৰা হয় এইডছ দিৱস।

Advertisment

সচৰাচৰ গ্ৰাম্যাঞ্চল বা চৰাঞ্চলৰ একাংশ লোকৰ মনত আজিও এক অন্ধ বিশ্বাসে বাহ লৈ থকা দেখা যায় যে এইডছ ৰোগ হেনো সংস্পৰ্শৰ দ্বাৰা বিয়পে। কিন্তু চিকিৎসকসকলে জনোৱা অনুসৰি এই ৰোগৰ সংক্ৰমণ সংস্পৰ্শৰ দ্বাৰা নহয় বৰং ই তেতিয়াহে সংক্ৰমিত হয় অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক স্থাপন তথা ৰোগীৰ ৰক্ত কণিকা সুস্থ লোকৰ তেজত মিহলি হ'লে।

অৱশ্যে এনেবোৰ কাৰণৰ বাবে একাংশ বেচৰকাৰী সংস্থা,দল-সংগঠনে বিভিন্ন সময়ত এইডছ বা তেনে ৰোগ সম্পৰ্কে সজাগতা সভা-সমিতি অনুষ্ঠিত কৰি আহিছে। কিন্তু এইক্ষেত্ৰত ৰজাঘৰীয়াৰো যথেষ্ট কৰণীয় আছে। কিয়নো ওপৰত উল্লেখ কৰা গাঁও বা চৰ অঞ্চলৰ একাংশ লোকে এতিয়াও ৰজঃস্বলাৰ সময়ত চেনিটাৰী নেপকিনৰ সলনি কাপোৰ বা লেতেৰা অসুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। তেনেস্থলত তেঁওলোকৰ মনত বিজ্ঞানসন্মত চিন্তাৰ খোৰাক জগোৱাৰ বাবে চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি অনুষ্ঠিত কৰি এক সুস্থ চিন্তা চেতনা জগোৱাত উৎকৰ্ষ সাধন কৰিব পাৰে।

আৰু পঢ়কঃ স্থানীয় চেনেল সমূহে কৰিব লাগিব মাল্টি চিষ্টেম অপাৰেটৰত পঞ্জীয়ন...

aids world aids day