ফাগুনত আহিবা লৃগাং চাবলৈঃ আজি আলি আঃয়ে লৃগাং...

ফাগুনত আহিবা লৃগাং চাবলৈঃ আজি আলি আঃয়ে লৃগাং...
ফাগুনত আহিবা লৃগাং চাবলৈঃ আজি আলি আঃয়ে লৃগাং...

ডিজিটেল ডেস্কঃ আজি আলি আঃয়ে লৃগাং। “ফাগুনত আহিবা লৃগাং চাবলৈ,ৰঙা ৰিবি গাচেং গাতে লবলৈ” অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই‌ উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।

এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল। ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

কৃষক সকলে এইদিনটো তপথাৰত আহু ধানৰ বীজ সিচেঁ। মিচিং সকলৰ ডেকা গাভৰু সকলে সেইদিনা ঘৰে ঘৰে গৈ ৰং ধেমালি কৰি গুমৰাগ নৃত্য আৰু ঐনিতম গায়। লৃগাং উৎসৱত মিচিং ডেকা সকলে মিবুগালুগ আৰু গাভৰু সকলে ৰিবিগাচেং নামেৰে সাজপাৰ পৰিধান কৰে। এই উৎসৱত তেওঁলোকে তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে। এই খাদ্য তেওঁলোকৰ লৃগাং উৎসৱৰ প্ৰধান পৰম্পৰা।

ফাগুনত আহিবা লৃগাং চাবলৈঃ আজি আলি আঃয়ে লৃগাং...
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in