/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a9101db3-161d-4668-82d9-b1d66084f083/df8a2f4d_48c2_496c_a59d_649144bbe424.jpg)
ডিজিটেল ডেস্কঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ।
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল–মাখল পৰিৱেশ।