/asomiyapratidin/media/media_files/2025/01/12/Y4cFNIflg3dsdArcF4zX.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ মিচিং জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন টিএমপিকেৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালা ৷ সেই উদ্দেশ্যে কাৰেং চাপৰিত চাৰি সহস্ৰাধিক স্বেচ্ছাসেৱক সমবেত হয়।
মিচিং জাতিটোক শক্তিশালী আৰু ঐক্যৱদ্ধ ভাৱে গঢ়ি তোলাৰ লগতে মিচিং গাঁওসমূহ ড্ৰাগছ, ভাং, মদ আদি সেৱনৰ পৰা মুক্ত কৰা আৰু অপশক্তি সমূহৰ বিৰুদ্ধে থিয় দি এটি শৃংখলাবদ্ধ সুস্থ সৱল, আত্মনিৰ্ভৰ আৰু ঐক্যৱদ্ধ সমাজ গঠনৰ সংকল্পৰে চিলাপথাৰৰ কাৰেং চাপৰিত গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালা আয়োজন কৰে ৷
প্ৰতিখন মিচিং গাঁৱৰ পৰা কমেও ২০ জনকৈ স্বেচ্ছা সেৱক অন্তৰ্ভুক্ত কৰি গঠন কৰা হৈছে গণ স্বেচ্ছাসেৱক বাহিনী। উক্ত কৰ্মশালাত চিলাপথাৰ জিলা আৰু জোনাই জিলাৰ সৰ্বমুঠ চাৰিহাজাৰ যুৱকে অংশগ্ৰহণ কৰে ৷
কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,সচিব সুনীল পেগু,কাৰ্যবাহী সদস্য জহান দলে,প্ৰতাপ টায়ে, যজ্ঞেশ্বৰ কুটুমৰ লগতে টি এম পি কে'ৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঃঞিঃ পাংগিঙে আদি মিচিং জনগোষ্ঠীয় সংগঠনৰ বহু ব্যক্তি উপস্থিত থাকে।