/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7ee1472b-26a0-4477-be7b-3af7c8a7367c/Susmita.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল সুস্মিতা দেৱ। মমতাৰ তালিকাত স্থান নাপালে অসম কন্যা সুস্মিতা দেৱে। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। য'ত স্থান নাপালে সুস্মিতা দেৱে।
বিগত ২০২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সুস্মিতাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতেই লাভ কৰিছিল ব্যাপক চৰ্চা। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে নেত্ৰীগৰাকীয়ে পুনৰবাৰ ৰাজ্যসভাৰ বাবে দলৰ পৰা নিৰ্বাচনী টিকট লাভ কৰিব বুলি একপ্ৰকাৰে নিশ্চিত থকাৰ পাছত দলীয় নিৰ্বাচনীত স্থান নোপোৱাত পুনৰ চৰ্চালৈ আহিছে।
উল্লেখ্য টিএমচিয়ে এক টুইটযোগে জনোৱা নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত আছে ডেৰেক অ'ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ, সমীৰুল ইছলাম, প্ৰকাশ চিক বৰাইক আৰু সাকেত গোখল।
Also Read: ৰাজ্যৰ প্ৰশাসনত সামান্য ৰদবদলঃ হিৰণ্য কুমাৰ বৰ্মন চৰাইদেউৰ নতুন এছ পি...