ৰাজ্যৰ প্ৰশাসনত সামান্য ৰদবদলঃ হিৰণ্য কুমাৰ বৰ্মন চৰাইদেউৰ নতুন এছ পি...

ৰাজ্যৰ প্ৰশাসনত সামান্য ৰদবদলঃ হিৰণ্য কুমাৰ বৰ্মন চৰাইদেউৰ নতুন এছ পি...

author-image
Asomiya Pratidin
New Update
সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

ৰাজ্যৰ প্ৰশাসনত সামান্য ৰদবদলঃ হিৰণ্য কুমাৰ বৰ্মন চৰাইদেউৰ নতুন এছ পি...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব পাৰ্থ প্ৰতিম মজুমদাৰ স্বাক্ষৰিত এক জাননীৰ জৰিয়তে জনাইছে যে, AIG জয়ন্ত সাৰথী বৰাক গুৱাহাটী আৰক্ষী আয়ুক্তৰ যানবাহন শাখাৰ উপ আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

Advertisment

আনহাতে এই দায়িত্বত থকা হিৰণ্য কুমাৰ বৰ্মনক চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

ইফালে চৰাইদেউ জিলাৰ বৰ্তমান আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা আই পি এছ শ্ৰী যুৱৰাজে ডেপুটেশ্যনত যোৱাৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে তেওঁক ৫ বছৰৰ বাবে ডেপুটেশ্যনত প্ৰেৰণ কৰিছে। এইসময়ছোৱাত তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত জ্যেষ্ঠ অধীক্ষক হিচাপে কৰ্তব্য পালন কৰিব।

Also Read: ঢকুৱাখনাত উত্তাল প্ৰতিবাদঃ ৰাইজৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ

অসম আৰক্ষী