শাসকীয় দলৰ পৃষ্ঠপোষকতাত শ্ৰীৰামপুৰত চলি আছে চিণ্ডিকেটৰাজঃ ৰিপুন বৰা

শাসকীয় ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আৰু প্ৰশাসনৰ সহযোগতে অসম-পশ্চিমবংগ সীমান্ত শ্ৰীৰামপুৰত চলি আছে চিণ্ডিকেটৰাজ।
শাসকীয় দলৰ পৃষ্ঠপোষকতাত  শ্ৰীৰামপুৰত চলি আছে চিণ্ডিকেটৰাজঃ ৰিপুন বৰা

ডিজিটেল সংবাদ, চিৰাং : শাসকীয় ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আৰু প্ৰশাসনৰ সহযোগতে অসম-পশ্চিমবংগ সীমান্ত শ্ৰীৰামপুৰত চলি আছে চিণ্ডিকেটৰাজ। এই চিণ্ডিকেটৰাজৰ বাবেই অসমত অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি হৈছে ব্ৰয়লাৰ কুকুৰা, মাছ, কণী, নিৰ্মাণকাৰ্যত ব্যৱহৃত চিমেন্ট, ৰ'ড আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আৰু ইয়াৰ কুফল ভুগিব লগীয়া হৈছে অসমৰ সৰ্ব-সাধাৰণ ৰাইজৰ ।

শ্ৰীৰামপুৰত চলি থকা এই চিণ্ডিকেটৰাজৰ বিৰুদ্ধে বিটিআৰ এলেকাৰ ৫ জিলা সমিতি আৰু বিটিআৰ সমন্বয় সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মঙলবাৰে চিৰাঙৰ কাজলগাঁৱত বিটিআৰ তৃণমূল কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই চিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন ৰূপায়ন কৰাৰ কথা ঘোষনা কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই । চিৰাং জিলা সদৰ কাজলগাঁৱৰ দুৱাৰ অতিথিশালাত আজি তৃণমূল কংগ্ৰেছৰ বিটিআৰ সমন্বয় সমিতিৰ প্ৰথম কাৰ্যকৰী সভা অনুষ্ঠিত হয় ।

আজিৰ এই সভাত বিটিআৰ এলেকাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি আদি কৰি ৫ খন জিলাৰ তৃণমূল কংগ্ৰেছৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে । সভাত বিটিআৰ এলেকাত তৃণমূল কংগ্ৰেছৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰা আৰু আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ কথা সদৰি কৰে ।

তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থী আগবঢ়োৱা হ'ব আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বৰ্তমান যি সময়ত তৃণমূল কংগ্ৰেছ যিদৰে আগবাঢ়ি গৈ আছে তেনেক্ষেত্ৰত কোকৰাঝাৰ লোকসভা সমষ্টি তৃণমূল কংগ্ৰেছৰ দখলত আহিব। আনপিনে সততে সাম্প্ৰদায়িক তথা ঘৃণা বিয়পিওৱা মন্তব্য কৰা বদৰুদ্দিন আজমলৰ এআইইউডিএফ দল আৰু শাসকীয় বিজেপি দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে । সমাজত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা ভাষন তথা মন্তব্যৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰি থৈছে ।

কিন্তু বদৰুদ্দিন আজমলে হিন্দু ধৰ্মক লৈ যিধৰনৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়ালে তাৰ পিছতো সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসম চৰকাৰে কিয় আজিলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে । আচলতে বিজেপি আৰু এআইইউডিএফ ৰ মাজত এইটো এটা গোপন বুজাবুজি বুলি আখ্যা দিয়ে ৰিপুণ বৰাই ।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এটা টুইট কৰাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখ্যপাত্ৰ সাকেদ গোখলেক গুজৰাট পুলিচে জয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। লগতে বিজেপিৰ এই কাৰ্যৰ প্ৰমাণ কৰে যে বিজেপিৰ চৰকাৰ এটা ফেঁচীবাদী চৰকাৰ বুলি মন্তব্য কৰে ।

বিটিআৰ শাসনাধিষ্টিত ইউপিপিএল আৰু বিজেপি দলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুযায়ী কোনো কাম কৰিবলৈ সক্ষম হোৱা নাই । তেওঁলোকৰ এই কাম-কাজত বিটিআৰ অঞ্চলৰ ৰাইজ অসন্তুষ্ট বুলি মন্তব্য কৰে । আগন্তুক ২০২৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা বিটিআৰ ৰ তৃণমূল কংগ্ৰেছ দলে ইতিমধ্যে পাঁচখন জিলাতে দলৰ সাংগঠনিক কাম-কাজ তীব্ৰ গতিত চলাই থকা হৈছে বুলি সদৰি কৰে।

তৃণমূল কংগ্ৰেছৰ আজিৰ এই সভাত দলৰ ৰাজ্যিক উপ সভাপতি শ্যামল সৰকাৰ, এন, আই চৌধুৰী, ৰাজ্যিক সাধাৰণ সম্পাদক জুলফিকাৰ হুচেইন, গজেন্দ্ৰ প্ৰসাদ উপমন্যু (প্ৰশাসনিক) চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেন সহ বহু কেইগৰাকী জিলা পৰ্যয়ৰ নেতা কৰ্মী উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in