৩১ ডিচেম্বৰত দুৰ্ঘটনা মুক্ত কৰিব তিনিচুকীয়া ! জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ..

৩১ ডিচেম্বৰত দুৰ্ঘটনা মুক্ত কৰিব তিনিচুকীয়া ! জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ..
৩১ ডিচেম্বৰত দুৰ্ঘটনা মুক্ত কৰিব তিনিচুকীয়া ! জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ..

ডিজিটেল সংবাদ তিনিচুকীয়াঃ আগন্তক ৩১ ডিচেম্বৰত তিনিচুকীয়া জিলাত পথ দুৰ্ঘটনা মুক্ত কৰিবৰ বাবে জিলা উপায়ুক্ত নৰসিং পৱাৰে জিলাখনৰ আৰক্ষী, পৰিবহন বিভাগ আৰু আবকাৰী বিভাগৰ লগতে স্বাস্থ্য আৰু লোকনিৰ্মাণ পথ আদি বিভাগলৈ এলানি নিৰ্দেশনা জাৰি কৰিছে। জিলা উপায়ুক্তগৰাকীয়ে আৰক্ষী আৰু পৰিবহন বিভাগক জিলাখনৰ বিভিন্ন এলেকাত, ৰাষ্ট্ৰীয় ঘাইপথত সুৰাপায়ী চালক তথা যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আকস্মিক অভিযান চলাবলৈ নিৰ্দেশ দিছে।

ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ যান-বাহন শাখা তথা পৰিবহন বিভাগে যুটীয়াভাবে সুৰাপায়ী চালক আৰু যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। উপায়ুক্ত পৱাৰে আৰক্ষী তথা পৰিবহন বিভাগক পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ৩১ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে বিশেষ পদক্ষেপ লবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনাইছে।

আনহাতে, লোকনিৰ্মাণ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলক দুৰ্ঘটনাপ্ৰবন পথসমূহ চিনাক্ত কৰি যাৱতীয় পদক্ষেপ লবলৈ, পথসমূহৰ ক্ষতিগ্ৰস্ত অংশ তথা গাতসমূহ তাৎক্ষণিকভাবে মেৰামতি কৰিবলৈ আৰু প্ৰয়োজনীয় স্থানত ছাইনেজ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে । আনহাতে আবকাৰী বিভাগকো সমগ্ৰ জিলাখনতে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ লগতে স্বাস্থ্য বিভাগকো সকলো সময়তে সষ্টম হৈ থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলাখনৰ কেউটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকলক আৰু বন বিভাগক বনভোজস্থলীসমূহ চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যাতে বনভোজস্থলীসমূহত অবৈধ সুৰা তথা সুৰাপায়ী চালকৰ বিৰুদ্ধে আৱকাৰী বিভাগ, আৰক্ষী তথা পৰিবহন বিভাগে অভিযান চলাব পাৰে ।

ক্লিক কৰি পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বালিচৰত অসম চৰকাৰৰ নতুন পৰ্যটন স্থানৰ পৰিকল্পনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in