ব্ৰহ্মপুত্ৰৰ বালিচৰত অসম চৰকাৰৰ নতুন পৰ্যটন স্থানৰ পৰিকল্পনা...

ব্ৰহ্মপুত্ৰৰ বালিচৰত অসম চৰকাৰৰ নতুন পৰ্যটন স্থানৰ পৰিকল্পনা...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰ্যটন বিভাগে সাময়িক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা গুৱাহাটীস্থিত ব্ৰহ্মপুত্ৰ বালি চাপৰি প্ৰস্তাৱিত স্থানত আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰি এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত মন্ত্ৰী বৰুৱাই জনস্বাস্থ্য কাৰিকৰী, এ পি ডি চি এল, সাংস্কৃতিক পৰিক্ৰমা আদি বিভিন্ন বিভাগৰ বিষয়াসকলক সাক্ষাৎ কৰি আগন্তুক নতুন পৰ্যটনস্থলীৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ ওপৰত আলোকপাত কৰে।

সংবাদ মাধ্যমক অৱগত কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, স্থানীয় আৰু আউটষ্টেচন উভয় পৰ্যটকক এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ বাবে এই অস্থায়ী গন্তব্যস্থান দুমাহৰ পৰা তিনিমাহৰ বাবে কাৰ্য্যক্ষম কৰা হ’ব। পৰ্যটন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গন্তব্যস্থানত বিভিন্ন দুঃসাহসিক তথা পৰম্পৰাগত ক্ৰীড়া, কলা আৰু শিল্পকৰ্ম আৰু বহু নতুন বস্তুৰ আয়োজন কৰা হ'ব যিয়ে দৰ্শনাৰ্থীসকলক এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰিব।

এই গন্তব্য স্থানলৈ গুৱাহাটীৰ কোনো এটা ঘাটৰ পৰা বিশেষ ফেৰীৰ যোগেৰে পৰ্যটকসকলক লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে ।তেওঁ লগতে কয় যে, এই বিশেষ পৰিকল্পনাৰ যোগেদি এই পৰ্যটন স্থলীৰ উন্নয়নৰ সমান্তৰালকৈ বৃহৎ সংখ্যক লোকক নতুন কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হ’ব ।

উল্লেখনীয় যে, মন্ত্ৰীগৰাকীয়ে এই পৰ্যটনস্থলীত হ’বলগীয়া ব্যৱস্থাপনা সমূহ যেনে ফেৰী সেৱা, নিৰাপত্তা,ৰাজহুৱা শৌচাগাৰ ইত্যাদি সন্দৰ্ভতো বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে বিশদ আলোচনাত মিলিত হয়। সভাত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, পৰ্যটন বিভাগৰ সচিব পদ্মপানী বৰাকে ধৰি সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in