পাঁচআলিত চুইফট ডিজায়াৰ-যাত্ৰীবাহী অট'ৰ মুখামুখি সংঘৰ্ষ

স্থানীয় ৰাইজে জ্বলালে চুইফট, ১৬ জনক আটক

author-image
Asomiya Pratidin
New Update
পাঁচআলিত চুইফট ডিজায়াৰ-যাত্ৰীবাহী অট'ৰ মুখামুখি সংঘৰ্ষ

স্থানীয় ৰাইজে জ্বলালে চুইফট

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সোমবাৰে বিয়লি তিনিচুকীয়া জিলাৰ গুঁইজান সমীপৱৰ্তী পাঁচআলিত এখন যাত্ৰীবাহী অট' আৰু চুইফট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ফলত অট' চালক গুঁইজানৰ কৃষ্ণা মিলি (৩৮) ঘটনাস্থলীতে নিহত হোৱাৰ লগতে অট'খনৰ তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

Advertisment

আহতসকলক ততাতৈয়াকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইফালে স্থানীয় উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা চুইফট ডিজায়াৰখনত অগ্নিসংযোগ কৰাত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাহনখন। জানিব পৰা মতে এ এচ ২৩ বি চি ৯৯০১ নম্বৰৰ যাত্ৰীবাহী অট'খনে তিনিচুকীয়া চহৰৰ পৰা যাত্ৰী কঢ়িয়াই গুঁইজান অভিমুখে গৈ থাকোতে পাঁচআলিৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা এ এচ ০৬ জেড ৬২০০ নম্বৰ মাৰুতি চুইফটখনেৰে মুখামুখি সংঘৰ্ষ হয় ।

চুইটফখনৰ ভুলৰ বাবে তথা চালকে সুৰামত্ত হৈ অসংযতভাৱে গাড়ী চলোৱা বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ তুলি স্থানীয় উত্তেজিত ৰাইজে চুইফটখনত অগ্নিসংযোগ কৰে । কিছু সময়ৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে চুইফট কাৰখনত অগ্নিসংযোগ কৰাৰ অপৰাধত ১৬ গৰাকী লোকক আটক কৰি তিনিচুকীয়া সদৰ থানালৈ আনে ৷

ঘটনাস্থলীত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ লগতে তিনিচুকীয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

আৰু পঢ়কঃ নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ অধিবেশন

assam