নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ অধিবেশন

নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ আগন্তুক কাৰ্যকালৰ (২০২৩-২৫ বৰ্ষৰ) বাবে অলপতে নতুন সমিতি গঠন কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ অধিবেশন

নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ অধিবেশন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা সতী ৰাধিকা মহিলা তীৰ্থৰ আগন্তুক কাৰ্যকালৰ (২০২৩-২৫ বৰ্ষৰ) বাবে অলপতে নতুন সমিতি গঠন কৰা হয়। স্থানীয় শ্ৰীমন্ত গোপাল দেৱ মন্দিৰত অনুষ্ঠিত হোৱা এখনি সাধাৰণ সভাত নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

Advertisment

বিশিষ্ট লেখিকা তথা প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড০ নীৰদা মহন্তক‌ সভানেত্ৰী আৰু সমাজ তথা সাংস্কৃতিক কৰ্মী, কবি, নিবন্ধকাৰ দিপালী মহন্তক সম্পাদিকা হিচাপে লৈ ২১ জনীয়া সদস্যাৰে সতী ৰাধিকা মহিলা তীৰ্থৰ জিলা সমিতিখন গঠন কৰা হয়। বিষয় বাচনি সভাত জিলা সত্ৰ মহাসভাৰ পৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ভীষ্ম দুৰ্লভ মহন্ত আৰু অমৃত মহন্ত।

এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্ত আৰু মধ্য নগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি সৰ্বানন্দ মহন্ত। সভাত বৰগীত পৰিবেশন কৰে শিশু শিল্পী প্ৰাপ্তি মহন্তই আৰু নৱ নিৰ্বাচিত সাংস্কৃতিক সম্পাদিকা চিন্ময়ী মহন্তই ।

আৰু পঢ়কঃ ঢকুৱাখনাৰ সমাজ প্ৰাণ ব্যক্তি জীৱন চন্দ্ৰ বৰাৰ দেহাৱসান

assam nagaon