নতুন আইন: দেশত বলৱৎ হ'ব নতুন আইন ব্যৱস্থা...

নতুন আইন: দেশত বলৱৎ হ'ব নতুন আইন ব্যৱস্থা...

author-image
Asomiya Pratidin
New Update
নতুন আইন: দেশত বলৱৎ হ'ব নতুন আইন ব্যৱস্থা...

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ১জুলাইৰ পৰা সমগ্ৰ দেশত বলৱৎ হ’ব ৩খন নতুন ফৌজদাৰী আইন। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন কেইখন বলৱৎ হ'ব। এই আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে।

Advertisment

১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি ভাৰতীয় ন্যায় সংহিতা হিচাবে পৰিচিত হোৱাৰ লগতে কাৰ্যকৰী কৰা হ’ব। চিআৰপিচিৰ নাম সলনি হৈ হ’ব নাগৰিক সুৰক্ষা সংহিতা, এভিডেন্স এক্টৰ নাম সলনি হৈ হ’ব ভাৰতীয় সাক্ষ্য আইন।

ন্যায় সংহিতাৰ ভিতৰত আছে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, গণহত্যা, হিট এণ্ড ৰাণ, প্ৰৱঞ্চনামূলক উপায়েৰে এগৰাকী মহিলাৰ যৌন শোষণ, ভাৰতৰ বাহিৰত কাঢ়ি নিয়া, প্ৰৰোচিত কৰা, ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্য বিপদাপন্ন কৰা আৰু মিছা বা ভুৱা বাতৰি প্ৰকাশ কৰা আদিৰ দৰে ২০ টা নতুন অপৰাধ।

নতুন আইনসমূহে সন্ত্ৰাসবাদৰ পৰিসৰ বহল কৰিব আৰু নাবালকসকলৰ গণহত্যা আৰু ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থা প্ৰদান কৰিব। ব্যভিচাৰ, সমকামী যৌন সম্পৰ্ক আৰু আত্মহত্যাৰ প্ৰচেষ্টাক নতুন আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰা নহ'ব। দেশদ্ৰোহ আইন বাতিল কৰি তাৰ ঠাইত ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা কাৰ্য্যক অপৰাধমূলক বুলি গণ্য কৰা নতুন ধাৰা প্ৰণয়ন কৰা হৈছে।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত সাধাৰণ অপৰাধমূলক আইন অনুসৰি আৰক্ষীৰ জিম্মা ১৫ দিনৰ পৰা ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে, অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই আইন খনত ৩৫৮টা ধাৰা থাকিব (আই পি চিত ৫১১টা ধাৰা আছিল)। আইনখনত মুঠ ২০টা নতুন অপৰাধ সংযোজন কৰা হৈছে আৰু ইয়াৰে ৩৩টা অপৰাধৰ কাৰাদণ্ডৰ সময় বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত প্রযুক্তি, দক্ষতা নির্মাণ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে।

নতুন আইন কেইখন ৰূপায়ন কৰাৰ বাবে আৰক্ষী আৰু অনুসন্ধান প্ৰাধিকৰণক সকলো ধৰণৰ প্রশিক্ষণ প্রদান কৰা হৈছে। জনসাধাৰণক এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনা, তথ্য সমৃদ্ধ ৱেব চাইট, মন্ত্রী পৰ্যায়ৰ ৱেবিনাৰ আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয় আৰু উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তর্ভুক্ত কৰাৰ বাবেও প্রয়াস কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যৰ কেন্দ্রীয় শাসিত অঞ্চলৰ বিশ্ববিদ্যালয় অনুদান আয়োগ, অখিল ভাৰতীয় প্রযুক্তি শিক্ষা পৰিষদকে ধৰি সকলো উচ্চ শিক্ষা প্রতিষ্ঠানত আজি এদিনীয়াকৈ নতুন ফৌজদাৰী আইনৰ বিভিন্ন বিষয় সন্দর্ভত আলোচনা, কর্মশালা, প্রশ্নোত্তৰ শিতান, কুইজকে ধৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ'ব।

ইপিনে, অসম চৰকাৰে এই আইন তিনিখন ৰাজ্যত নিয়াৰিকৈ প্রৱর্তনৰ বাবে ন্যায় বিভাগ আৰু অসম আৰক্ষীৰ সহযোগত যাৱতীয় কার্যব্যৱস্থা গ্রহণ কৰিছে। তদুপৰি নতুন আইনকেইখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মুখ্য সচিবৰ নেতৃত্বত এখন বাজ্যিক পর্যায়ৰ কর্ণধাৰ সমিতি গঠন কৰি দিছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰী অধিবক্তা আৰু আৰক্ষী লোকসকলকো প্রশিক্ষণ প্রদান কৰা হৈছে।

Also Read: আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস...

new law