আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস...

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস...

author-image
Asomiya Pratidin
New Update
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস...

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । প্ৰতি বছৰে ১জুলাইত দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসা বৃত্তিধাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু সন্মান জনোৱাৰ বাবে এই দিনটো পালন কৰা হয়।

Advertisment

পশ্চিমবংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ডা০ বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু তিথি উপলক্ষে এই দিনটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে দেশৰ জনতাক উন্নত স্বাস্থ্যৰ বিষয়ে সজাগ কৰা আৰু জনতাৰ প্ৰয়োজনৰ সময়ত নিস্বাৰ্থভাৱে সহায় কৰা চিকিৎসকলৰ প্ৰচেষ্টাক স্বীকাৰ কৰা, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন।

উল্লেখ্য যে পশ্চিমবংগ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰয়ৰ ১৮৮২ চনৰ ১ জুলাইত জন্ম হৈছিল আৰু ১৯৬২ চনৰ ১ জুলাইত ৮০ বছৰ বয়সত মৃত্যু হৈছিল। ড০ বিধান চন্দ্ৰ ৰয়ে জীৱন কালত মহিলা আৰু শিশুসকলৰ বাবে যাদৱপুৰত টিবি চিকিৎসালয়, চিত্তৰঞ্জন সেৱা সদন, কমলা নেহেৰু মেম'ৰিয়েল হস্পিতাল, ভিক্টোৰিয়া ইনষ্টিটিউচন, চিত্তৰঞ্জন কৰ্কট চিকিৎসালয় আদিৰ দৰে চিকিৎসা সংগঠন স্থাপন কৰিবলৈ সক্ষম হৈছিল।

১৯৬১ চনৰ ৪ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ক ভাৰতৰত্নৰে সন্মানিত কৰা হয়।মন কৰিবলগীয়া যে এই দিৱস কেৱল ভাৰততে নহয়, বিভিন্ন দেশতো উদযাপন কৰা হয়, বিভিন্ন তাৰিখত। আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াক ৩০মাৰ্চত, কিউবাত ৩ডিচেম্বৰত পালন কৰা হয়।

১৯৩৩ চনৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া ৰাজ্যত প্ৰথমবাৰৰ বাবে চিকিৎসক দিৱস পালন কৰা হৈছিল আৰু চিকিৎসকসকললৈ এখন কাৰ্ড প্ৰেৰণ কৰি আৰু মৃত্যু হোৱা চিকিৎসকসকলৰ কবৰত ফুল আগবঢ়াই উদযাপন কৰা হৈছিল।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চিকিৎসকৰ অৱদান অনস্বীকাৰ্য। এজন ৰোগীৰ বাবে চিকিৎসক ভগৱানসদৃশ। শৰীৰত ৰোগ-ব্যাধিয়ে লম্ভিলে আমাৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাহিৰে ক’লৈকো যাবলৈ নাথাকে। সেইবাবেই চিকিৎসকক সন্মান জনোৱাৰ উদ্দেশ্যে বছৰ বছৰ ধৰি চিকিৎসক দিৱস পালন কৰি অহা হৈছে।

উল্লেখ্য যে, ২০২৪ চনৰ চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে ‘ নিৰাময়ৰ হাত, যত্নশীল হৃদয় ’ (Healing Hands, Caring Hearts)।

Also Read: মেঘালয়ত দুই দালালসহ আটক তিনি বাংলাদেশী...