ঢকুৱাখনাত তিনি মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ শুভাৰম্ভ

ঢকুৱাখনাত তিনি মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত তিনি মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ শুভাৰম্ভ

ঢকুৱাখনাত তিনি মিচিং জাতিয় সংগঠনৰ অধিবেশনৰ শুভাৰম্ভ

ডিজিটেল সংবাদ ঢকুৱাখনা: স্বজাতি আৰু স্বজনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ লগতে এখন  প্ৰগতিশীল সু-সংগঠিত সমাজ গঠনৰ হকে আত্মোৎসৰ্গা কৰি অহা অসমৰ অন্যতম দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সমাজৰ প্ৰধানতম সংগ্ৰামী সত্তা স্বৰূপ টাকাম মিচিং পৰিন কৌবাং , টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ বাৰ্ষিক অধিবেশন কেইখন যৌথ ভাবে শনিবাৰৰ পৰা আৰম্ভ হৈছে ।

Advertisment

ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা অঞ্চলৰ মুক্তিযুদ্ধা কৰ্মবীৰ বিমলা কান্ত দলে ক্ষেত্ৰত জিলা সমিতিসমূহৰ দুই সহস্ৰাধিক প্ৰতিনিধি আৰু সহস্ৰাধিক সংগ্ৰামী জাতিয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত শনিবাৰে শুভাৰম্ভ হৈছে তিনি জাতিয় সংগঠনৰ জিলা অধিবেশন। শনিবাৰে পুৱা প্ৰতিনিধি শিবিৰ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰ কুমাৰ দলেয়ে। 

ইয়াৰ পাছতে সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে টাকাম মিচিং মিমে কৌবাংৰ উপ-সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাংয়ে । বিয়লি তিনিখন জিলা সমিতিৰ দুই সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি সভা উদ্বোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিংয়ে ।

প্ৰতিনিধি সভাত বিশেষ অতিথি হিচাবে উপস্থিত থাকি সংগঠন আৰু সাংগঠনিক সবল আৰু সুযোগ্য নেতৃত্ব সৃষ্টি সন্দৰ্ভত বক্তব্য আগবঢ়াই মিচিং বানে কৌবাংৰ সভাপতি পৰমানন্দ চায়েঙিয়া, মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু আৰু মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে ।

সুশৃঙ্খলিত ভাবে অনুষ্ঠিত হোৱা তিনি জিলা সমিতিৰ অধিবেশনৰ সন্ধিয়া জনাকীৰ্ণ পৰিবেশত মিচিং জনগোষ্ঠীৰ অন্যতম পিতৃ স্বৰূপ, মুক্তিযুদ্ধা, সমাজ সংস্কাৰক কৰ্মবীৰ বিমলা কান্ত দলেৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে জনগোষ্ঠীটোৰ বিশিষ্ট সাংস্কৃতিক সাধক, লোক গৱেষক, লেখক, মিচিং দৃৰবৃ কৌবাংৰ মুখ্য উপদেষ্টা ড০ পবিত্ৰ কুমাৰ পেগুৱে। প্ৰবীণ গান্ধীবাদী নেতা, বিনোৱা ভাবেৰ একান্ত সহযোগী, মিচিং জনগোষ্ঠীৰ আদৰ্শ পিতৃ পুৰুষ স্বৰূপ, সমাজ সংস্কাৰক মুক্তিযোদ্ধা বিমলা কান্ত দলেৰ জীৱন পৰিক্ৰমাৰ ওপৰত গৱেষণালব্ধ বক্তব্য আগবঢ়াই ডঃ পেগুৱে।

অহিংসৰ পূজাৰী মহাত্মা গান্ধী ,বিনোৱা ভাবে আৰু বাগ্মীবৰ নীলমণি ফুকনৰ সংস্পৰ্শলৈ আহি এই তিনি মহা মানৱৰ দিক নিৰ্দেশনাৰ ভিত্তিত শিক্ষা পৰিছন্নতা আৰু স্বাস্থ্য সুৰক্ষা সন্দৰ্ভত অর্জন কৰা জ্ঞান পৰামৰ্শক আজীৱন সাৰোগত কৰি আমৃত্যু ইয়াক কঢ়িয়াই লৈ শদিয়াৰ পৰা বুৰৈ বুৰলীলৈ চলোৱা নিঃস্বাৰ্থ স্বচ্ছতা অভিযানৰ বাবে প্ৰয়াত দলেয়ে "ছাম্পক পেননে" হিচাবে সৰ্ব পৰিচিতি লাভ কৰিছিল।

১৯০১ চনত মাতমৰা চাপৰি গাঁৱত জন্ম গ্ৰহণ কৰা কৰ্মবীৰ, সমাজ সংস্কাৰক বিমলা কান্ত দলেৰ জীৱনাদৰ্শ আৰু নিঃস্বাৰ্থবোধ সম্পন্ন কৰ্ম পদ্ধতিক স্বজাতিৰ নৱ প্ৰজন্মই অনুসৰণ কৰি আগুৱাই গলেহে জাতিটোৱে পিতৃ পুৰুষ গৰাকীক প্ৰকৃত মৰ্যদা দিয়া হ'ব বুলি কৈ ড০ পেগুৱে জাতিটোৰ এইসকল প্ৰাতঃ স্মৰণীয় পুৰোধা মনিশীক পাহৰিলে জাতিৰ ভবিষ্যত অন্ধকাৰাচন্ন হোৱাই নহয় কালৰ গৰ্ভত এনে জাতি নিঃশেষ হৈ যাব বুলি কয় ড০ পেগুৱে।

ড০ পেগুৱে মিচিং জনগোষ্ঠীৰ সৰ্বাংগীন উত্তৰণ বিকাশত কৰ্মবীৰ দলেৰ লগতে  সমাজ সংস্কাৰক মুক্তিযোদ্ধা প্ৰয়াত বেথাৰাম পেগু, লীলা কান্ত গোপীত ,ললি সিং দলেৰ ত্যাগ আৰু আদর্শ অসম বুৰঞ্জীৰ এক অলিখিত সোনালী পৃষ্ঠা বুলি মন্তব্য কৰে ।

প্ৰয়াত কৰ্মবীৰ দলেৰ নিকট আত্মীয় হেমকান্ত দলে আৰু দুলি ৰাম দলে , মিচিং বানে কৌবাংৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া , মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, ইন্দিৰা চিন্তে কুম্বাং আৰু মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, নাথু ৰাম পেগু,দিলীপ পেগু, টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় বিষয় ববীয়া যতীন পেগুৰ লগতে জিলা নেতৃবৰ্গৰ সহযোগিতাত এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতে পুনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

অধিবেশনৰ সমান্তৰাল ভাৱে  দিন জোৰাকৈ অনুষ্ঠিত কৰা হয় স্বগোষ্ঠীয় বৰ্ণিল লোক সাংস্কৃতিক প্ৰতিযোগিতা । দুদিনীয়াকৈ অনুষ্ঠিত তিনি জাতিয় সংগঠনৰ জিলা অধিবেশনৰ দেওবাৰে যুৱ সমাৰোহ, মুখপত্ৰ উন্মোচন আৰু  মুকলি সভা অনুষ্ঠিত হব।

ক্লিক কৰি পঢ়কঃ মায়ঙৰ বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীঃ শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ, বঁটা প্ৰদান...

ঢকুৱাখনা