/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8d147ecd-d677-485e-b1da-71d68a283116/borpak_24.jpg)
মায়ঙৰ বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীঃ শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ, বঁটা প্ৰদান...
ডিজিটেল সংবাদ মায়ংঃ "শিক্ষাৰ উদ্দেশ্য কেৱল সকলোকে চিকিৎসক আৰু অভিযন্তা ৰূপে গঢ়ি তোলা নহয় বৰঞ্চ শিক্ষাৰ উদ্দেশ্যে হৈছে জ্ঞান সমৃদ্ধ উজ্জীৱিত সমাজ নিৰ্মাণ কৰা।" মায়ঙৰ বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এনেদৰে মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে।
ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে বৰপাক প্ৰাথমিক বিদ্যালয় আৰু বৰপাক মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰাত বলিষ্ঠ ভূমিকা পালন কৰা ব্যক্তিসকলক শ্ৰদ্ধাৰে সুঁৱৰি বিদ্যালয় দুখনক আগুৱাই নিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
লগতে তেখেতে কয় যে, প্ৰচুৰ ধন সম্পত্তি থাকিলেই এজন মানুহ সুখী আৰু সফল বুলি কব নোৱাৰি।যদিহে নিশা হ'লে শ্লীপিং টেবলেট খাই শুব লাগে তেনে সুখ শান্তিৰ প্ৰয়োজন নাই। কোনোবা খেতিয়ক বা মাছমৰীয়ায়ো নদীৰ পাৰত ওৰে দিনটো পৰিশ্ৰম কৰি এটাও শ্লিপিং টেবলেট নোখোৱাকৈ,অকনো চুলাই নোখোৱাকৈ ধুনীয়াকৈ নিশা টোপনি মাৰি সুখ শান্তিত থাকিব পাৰিছে। তেনে সুখ শান্তিৰহে দৰকাৰ।
ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰতন মল্লিকে। সভাত ৰাজিব চহৰীয়া আৰু হৰিপ্ৰসাদ মল্লিকৰ সম্পাদিত স্মৃতিগ্ৰন্থ 'নিৰৱধি 'উন্মোচন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে।
স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয় যে, স্মৃতিগ্ৰন্থ 'নিৰৱধি'ৰ জৰিয়তে ইতিমধ্যে বটবৃক্ষলৈ ৰূপান্তৰিত হোৱা শিক্ষানুষ্ঠান দুখনৰ গৌৰৱময় ইতিহাস অনুৰণিত হৈ থাকিব। সভাত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচীব ধ্ৰুৱজ্যোতি মহন্ত, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰা, নগাঁও জিলা তিৱা সাহিত্য সভাৰ উপ-সভাপতি বিষ্ণু বৰদলৈ, প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সাংবাদিক নজৰুল ইছলাম আৰু নিৰৱধি সম্পাদনা সমিতিৰ সভাপতি ৰাজীৱ চহৰীয়াই আঁতধৰা সভাত আমেৰিকাত কম্পিউটাৰ অভিযন্তা ৰূপে কৰ্মৰত বৰপাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জীতেন ৰয়ক বৰপাক গৌৰৱ বঁটা আৰু অধ্যাপক তথা সাহিত্যক ড° উৎপল নাথক মায়ং গৌৰৱ বঁটা প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, পুৱাৰ ভাগত পতাকা উত্তোলনৰে শুভাৰম্ভণি হোৱা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰজত জয়ন্তী উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
মৰিগাঁৱৰ বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকি সুখী হৈছোঁ। 1/3 pic.twitter.com/lYCk23xYwa
— Ranoj Pegu (@ranojpeguassam) December 24, 2022
ক্লিক কৰি পঢ়কঃ নৰ্থ ইষ্ট ফেষ্টিভেলত 'অসমীয়া প্ৰতিদিন'ৰ নতুন দিল্লীৰ ব্যুৰো চীফ আশীষ গুপ্তাসহ তিনি সাংবাদিকক সম্বৰ্ধনা...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us