/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/05a85220-4b2c-4b14-a81a-16c7f1485308/drug.jpg)
নগাঁৱত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নাম হৈছে ফাইজুল আলম(২৪), ফৈজুল হক ( ২৪) আৰু চাদ্দাম হুছেইন (২৭) ৷
মৰিকলং টাউন আৰক্ষী চকীৰ ভাপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমনি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ লক্ষীনগৰত অভিযান চলাই ৷ এই অভিযানকালত ৬ টা চাবোনৰ বাকচত থকা হেৰ’ইন উদ্ধাৰ কৰে ৷ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ হোৱা এ এছ ০২ এ ই ০১৩০ নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে ৷