পক্ষীৰ কাকলিত মুখৰিত আগিয়াৰ শিঙিমাৰী বিল

ৰখাপাৰাৰ ৰাইজে দেখুৱাইছে পক্ষী প্ৰেমৰ নিদৰ্শন

author-image
Asomiya Pratidin
New Update
পক্ষীৰ কাকলিত মুখৰিত আগিয়াৰ শিঙিমাৰী বিল

পক্ষীৰ কাকলিত মুখৰিত আগিয়াৰ শিঙিমাৰী বিল

ডিজিটেল সংবাদ,গোৱালপাৰাঃ পক্ষীৰ কাকলিত মুখৰিত আগিয়াৰ শিঙিমাৰী বিল।শীতৰ আগমনৰ লগে লগে জাক জাক শৰালিৰ কাকলিত মুখৰ হৈ পৰিছে গোৱালপাৰা আগিয়াৰ শিঙিমাৰী বিল।

Advertisment

অকল পৰিভ্ৰমী শৰালিয়েই নহয় কণামুচুৰি,বগলী,কয়ৰা,ডাউক,বৰটোকোলা আদিকে ধৰি আন কেইবাবিধো চৰাই আৰু পানী হাঁহে বিলখনত বিচৰণ কৰি সম্প্ৰতি এক নান্দনিক দৃশ্য ৰচনা কৰিছে । তদুপৰি সোণত সুৱাগা চৰাই সমগ্ৰ বিলখনত ফুলি ৰৈছে অপৰূপা পদুম ফুল।

বিশেষকৈ পুৱা বেলা গুলপীয়া চাদৰ উৰি পদুম ফুলি থকা সময়ত পক্ষীৰ কলৰবত বিলখনে লয় মায়াৱী ৰূপ। মন মুহি নিয়া প্ৰকৃতিৰ এই মায়াবী আৰু নান্দনিক পৰিৱেশে বিগত কেইবা বছৰ ধৰি শিঙিমাৰী বিললৈ দূৰ-দূৰণিৰ পৰ্যটককো হাতবাউলী দি আহিছে। জন অৰণ্যৰ মাজত থকা শিঙিমাৰী বিলত পুৱাৰ পৰা সন্ধিয়ালৈ মুক্ত বিহংগই মুক্ত মনে বিচৰণ কৰিব পৰা পৰিবেশ সৃষ্টিৰ আঁৰত আছে এখন ৰাইজ।

ৰাইজখন হ'ল আগিয়াৰ ৰামপুৰ আৰু ৰাংচাপাৰাৰ নিকটৱৰ্তী ৰখাপাৰাৰ ৰাইজ। প্ৰকৃতি আৰু পক্ষী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই বিগত কেইবাবছৰ ধৰি বিলখনলৈ অহা পৰিভ্ৰমী পক্ষীসমূহক সকলো দিশতে ৰক্ষণাবেক্ষণ দি আহিছে ৰাখাপাৰাৰ ৰাইজে। পৰিভ্ৰমী পক্ষীসমূহে বিলখনত বিচৰণ কৰাত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় তাৰ বাবে শীত কালত বিলখনত মাছ মৰা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। এনেকি বিলখনত গৰু-ম'হ গা ধুৱোৱাও নিষিদ্ধ।

বিলখনৰ আশে-পাশে ফটকাও নুফুটে। উচ্চ স্বৰৰ ডি জে বজোৱা,বনভোজ খোৱা নিষিদ্ধ। জানিব পৰা মতে,বিলখনৰ এই পৰিবেত মুগ্ধ হৈছে বহু পৰ্যটক। পৰ্যটকৰ আকৰ্ষণৰ বাবে স্থানীয় ৰাইজে উন্নয়নৰ বাবে লৈছে বিশেষ উদ্যোগ। পথৰ দাঁতিত থকা বিলখনৰ কাষলৈ যাব পৰাকৈ এখনি বাঁহৰ দলং সজা হৈছে। যান-বাহন নিৰাপদ দূৰত্বত পাৰ্কিঙৰ বাবে দুটা খাৱৈত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মাটি পেলাইছে ।

অৱশ্যে এতিয়ালৈ পাৰ্কিং কৰিব পৰাকৈ সাজু হোৱা নাই। পৰৱৰ্তীকালত বাঁহৰ দলংখন পকীকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। নিৰাপদ দূৰত্বত বিলৰ কাষে কাষে দৰ্শনাৰ্থীৰ বাবে বহাৰ আসন আৰু 'ভিউ টাৱাৰ' নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে ৰাইজে দৰ্শনাৰ্থীৰ পৰা দহ-বিশ টকাকৈ সংগ্ৰহো কৰি আহিছে। চৰকাৰে উদ্যোগ ল'লে শিঙিমাৰী বিল দেশীৰ লগতে বিদেশী পৰ্যতকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ যথেষ্ট সম্ভাৱনা আছে।

আৰু পঢ়কঃ থলুৱা যুৱক-যুৱতীৰ সংৰক্ষণ বিচাৰি বঙাইগাঁও শোধনাগাৰত উত্তাল প্ৰতিবাদ

assam goalpara