লামডিঙত ব্ৰাউন ছুগাৰসহ তিনিজন যুৱকক আটক

লামডিঙত ব্ৰাউন ছুগাৰসহ তিনিজন যুৱকক আটক
লামডিঙত ব্ৰাউন ছুগাৰসহ তিনিজন যুৱকক আটক

ডিজিটেল সংবাদ,লামডিঙঃ ৰেল নগৰী লামডিঙ চহৰখনক ড্ৰাগছ মুক্ত কৰা অভিযানত দিনে নিশাই লামডিঙ আৰক্ষীয়ে অভিযান চলাইছে ৷ লামডিঙৰ অলিয়ে- গলিয়ে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰা বহু যুৱক তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা ৷

ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত শুকুৰবাৰে অভিযান চলাই ব্ৰাউন ছুগাৰসহ তিনিজন যুৱকক আটক কৰে ৷ এক গোপন সূত্ৰৰ ভিত্তিত লামডিং আৰক্ষীয়ে লামডিঙ I.O.C gate পৰা দুজন আৰু উদালী তিনিআলিৰ পৰা এজনক আটক কৰাৰ লগতে ১০.৫০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ৷

ড্ৰাগছখিনি সৰবৰাহ কৰা মনোহৰ আলী, ৰফিকুল ইসলাম, আৰু আব্দুল আলী নামৰ তিনিজন যুৱকক আটক কৰে ৷ জানিব পৰা মতে ৰেল যোগে এই ড্রাগছখিনি সৰবৰাহ হৈছিল। লামডিঙত এতিয়া আৰক্ষী সম্পূৰ্ণ ৰূপে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে তৎপৰ হৈছে যদিও একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীক কেৰেপ নকৰি নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ চলাই আছে ৷

২০২২ বৰ্ষৰ ভিত্তিত লামডিং আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাই ৩৬ টা NDPS গোচৰৰ ভিত্তিত ৫৪ জনক আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে প্ৰায় ৩ কোটি টকাৰ নিষিদ্ধ সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in