ক'মা নাই আগ্ৰহ! গ্ৰন্থমেলালৈ পাঠকৰ সোঁত...

ক্ৰমাৎ পঢ়ুৱৈ তথা গ্ৰন্থৰ চাহিদা বাঢ়িছে অসমত। সততে একাংশই অভিযোগ কৰে যে ডিজিটেল মাধ্যমে ছপা মাধ্যমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিছে।
ক'মা নাই আগ্ৰহ! গ্ৰন্থমেলালৈ পাঠকৰ সোঁত...

ভাস্কৰ শৰ্মা

ক্ৰমাৎ পঢ়ুৱৈ তথা গ্ৰন্থৰ চাহিদা বাঢ়িছে অসমত। সততে একাংশই অভিযোগ কৰে যে ডিজিটেল মাধ্যমে ছপা মাধ্যমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিছে। তেনে প্ৰেক্ষাপটত মহানগৰীৰ চানমাৰীত অনুষ্ঠিত অসম গ্ৰন্থমেলাই প্ৰমাণ কৰিছে যে অসমত কিতাপ পঢ়া লোকৰ সংখ্যা কমি যোৱা নাই।

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলাত ভিৰ কৰিছে অগণণ গ্ৰন্থপ্ৰেমীয়ে। গ্ৰন্থমেলা চৌহদত উন্মোচিত হৈছে অৰ্ধশতাধিক কিতাপ। ভিন্ন লেখকৰ ভিন্ন চিন্তাৰে প্ৰকাশিত হৈছে শতাধিক গ্ৰন্থ।

একাধিক প্ৰকাশকে জনোৱা অনুসৰি এইবাৰ গ্ৰন্থমেলাত চাহিদা বাঢ়িছে বিভিন্ন ৰুচিৰ গ্ৰন্থৰ। একোজন পাঠকে কুৰিৰো অধিক গ্ৰন্থ ক্ৰয় কৰা পৰিলক্ষিত হৈছে এইবাৰ অসম গ্ৰন্থমেলাত। উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত ২০২২-২৩ বৰ্ষৰ অসম গ্ৰন্থমেলা ইতিমধ্যে ৰাজ্যৰ যোৰহাট,নলবাৰী,ধেমাজিৰ লগতে ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈছে।

অসম প্ৰকাশন পৰিষদে জানিবলৈ দিয়া অনুসৰি পৰৱৰ্তী সময়ৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ডিফুত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। আয়োজকে কয় যে বিগত সময়ত হৈ যোৱা গ্ৰন্থমেলাত পাঠক সমাজৰ পৰা আশাব্যঞ্জক সহাৰি লাভ কৰিছে। সেয়ে পৰৱৰ্তী দিনটো পাঠক সমাজৰ পৰা অনুৰূপ সহাৰি আশা প্ৰকাশ কৰে। অসম গ্ৰন্থমেলা গুৱাহাটীত বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক প্ৰকাশন তথা বিপণন গোষ্ঠীয়ে ভাগ লৈছে। ডিজিটেল যুগতো নৱ-প্ৰজন্মৰ কিতাপৰ প্ৰতি আকৰ্ষিত হোৱাটো নৱবৰ্ষৰ শুভক্ষণত ইতিবাচক দিশ।

প্ৰকাশকে জনোৱা অনুসৰি এইবাৰ গ্ৰন্থমেলাত ভালে সংখ্যক উদীয়মান লেখকৰ কিতাপ প্ৰকাশ পাইছে। উল্লেখ্য যে আজিৰ পৰা কিছুদিন পূৰ্বে অবাক প্ৰকাশনে একেখন মঞ্চতে একে সময়তে ২০খনকৈ গ্ৰন্থ উন্মোচন কৰিছিল। পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ড০ অমৃত কুমাৰ উপাধ্যায়ে জানিবলৈ দিয়া মতে প্ৰকাশন গোষ্ঠীটোৱে ভালে সংখ্যক নতুন লেখকৰ বিভিন্ন ৰুচিৰ গল্প,কবিতা তথা খেলৰ কিতাপ প্ৰকাশ কৰিছে।

সুখৰ কথা যে বুজন সংখ্যক গ্ৰন্থই সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে, একেটা মাহতে ৪টাৰো অধিক সংস্কৰণ প্ৰকাশ কৰিবলগীয়া হৈছে প্ৰকাশকে। অৰ্থনৈতিক দিশৰ পৰা চালে গ্ৰন্থৰ চাহিদা বঢ়াৰ লগে লগে প্ৰকাশকৰো আশাব্যাঞ্জকভাৱে আৰ্থিকভাৱে লাভালাভ হৈছে।

গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাই বিগত ৮ দিনত প্ৰায় ৩ কোটি ২০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে। এক অভিলেখ গঢ়াৰ দিশে গতি কৰিছে অসম গ্ৰন্থমেলাই। আনহাতে অসম প্ৰকাশনে পৰিষদে গ্ৰন্থমেলাৰ প্ৰথমটো দিনত প্ৰকাশনৰ ১৫খন গ্ৰন্থ গ্ৰন্থমেলাত উন্মোচন কৰে। তাৰোপৰি প্ৰতিদিনে বিপণীসমূহতো গ্ৰন্থ উন্মোচিত হৈ আছে। এই আটাইবোৰ দিশৰ পৰা চালি-জাৰি চালে সামগ্ৰীকভাৱে বছৰটোৰ আৰম্ভণীতে গ্ৰন্থ ক্ষেত্ৰখনত ই এক শুভ লক্ষণ।

আজিৰ ডিজিটেল দুনীয়াত ছ'চিয়েল মিডিয়াই গ্ৰন্থৰ প্ৰতি মানুহৰ আন্তৰিকতা কমাই দিব বুলি সন্দেহ কৰা হৈছিল। ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমৰ নেতিবাচক দিশ থাকিলেও ইতিবাচক দিশো আছে।

এই ছ'চিয়েল মিডিয়াইও গ্ৰন্থৰ প্ৰচাৰৰ কামত যথেষ্ঠ অৰিহনা যোগাইছে।একাংশ লেখকে ছ'চিয়েল মিডিয়াত কিছুমান সম্পৰীক্ষা চলায়। অথবা একাংশ লোকে ছ'চিয়েল মিডিয়াত প্ৰথমে লিখি সেইখিনি কিতাপ আকাৰত প্ৰকাশ কৰে। যিয়ে দৰ্শকৰ মাজত এক বিশেষ স্থান লাভ কৰে।

এই সন্দৰ্ভত আমি উদাহৰণ স্বৰূপে ৰূপম দত্তৰ ''লাইফ অফ এ ড্ৰাইভাৰ''ৰ কথা উল্লেখ কৰিব পাৰো। বিশিষ্ট সাংবাদিক তথা সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়েও এনেদৰেই এখন কিতাপ প্ৰকাশ কৰিছে।

যুৱ প্ৰজন্মক ছ'চিয়েল মিডিয়াই এক বিশেষ দিশ প্ৰদান কৰিছে। ছ'চিয়েল মিডিয়াত যুৱ প্ৰজন্মই বিভিন্ন সময়ত লেখা মেলা কৰিছে। এনেদৰেই ছচিয়েল মিডিয়াৰ জৰিয়তেই গ্ৰন্থৰ প্ৰতিও মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। গতিকে ছ'চিয়েল মিডিয়াই গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ হ্ৰাস কৰিব নোৱাৰে। এটাই আনটোৰ পৰিপূৰক হিচাপেহে কাম কৰাত সহায় কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in