/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bc1ef6b1-c332-488d-b9ec-0cb40cf48f87/nagaon_1.jpg)
নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাসঃ সুৰক্ষা নাই মহিলাৰ
ডিজিটেল সংবাদ নগাঁও : নগাঁও চহৰত এতিয়া সুৰক্ষিত নহয় মহিলা। চিলনী চোৰৰ কবলত পৰি বহু মহিলাই অলংকাৰ, ধন আদি হেৰুৱাৱ লগা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত চহৰখনৰ মাৰোৱাৰীপট্টিত সংঘটিত হয় চিলনী চোৰৰ সন্ত্ৰাসৰ এক ঘটনা।
মিনতি বৰা নামৰ এগৰাকী মহিলাই বজাৰ কৰি থাকোঁতেই মহিলাগৰাকীৰ পৰা মাৰোৱাৰীপট্টিৰ ওচৰত বাইকত অহা দুটা চিলনী চোৰে ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা কৰে। চিলনী চোৰৰ আক্ৰমণত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয়।
মহিলাগৰাকীৰ চেইনদাল কাপোৰত লাগি ৰৈ যোৱাত চিলনী চোৰে চেইনদাল নিব নোৱাৰিলে। ঘটনা সংঘটিত কৰিয়েই চিলনী চোৰৰ দলটো পলাই যাবলৈ সক্ষম হয় ।
ক্লিক কৰি পঢ়কঃ এইবাৰ আত্মহত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে...