এইবাৰ আত্মহত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে...

এইবাৰ আত্মহত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে
এইবাৰ আত্মহত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ সন্মুখীন হৈ হোষ্টেলৰ বিল্ডিঙৰ পৰা জপিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ৰাজ্যত আন এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।

এইবাৰ আত্মহত্যা কৰিলে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। কটন বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাষিকৰ অজন্তা বড়ো নামৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিছে।

অৱশ্যে তেওঁ এই পৰ্যন্ত কিয় আত্মহত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই। এবছৰ আগলৈকে কটন বিশ্ববিদ্যালয়ৰ কনকলতা গাৰ্লছ হোষ্টেলৰ আবাসী হিচাপে থকা অজন্তাই পৰৱৰ্তী সময়ত এটা পেয়িং গেষ্টলৈ গৈছিল।

ছাত্ৰীগৰাকীয়ে আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰত থকা নিজৰ বাসগৃহতেই সংঘটিত কৰিলে এই ঘটনা। ঘটনাক কেন্দ্ৰ কৰি গোৰেশ্বৰত সৃষ্টি হৈছে চাঞ্চল্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in