মৰিগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দণ্ডাধীশৰ বাসগৃহত চোৰৰ চাফাই অভিযান...

মৰিগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দণ্ডাধীশৰ বাসগৃহত চোৰৰ চাফাই অভিযান...
মৰিগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দণ্ডাধীশৰ বাসগৃহত চোৰৰ চাফাই অভিযান...

ডিজিটেল সংবাদ মৰিগাওঁঃ চোৰৰ মৰশাহ ! আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতেই চলালে চাফাই অভিযান। মৰিগাওঁ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা দণ্ডাধীশৰ বাসগৃহত সংঘটিত হৈছে এই চুৰি কাণ্ড।

মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিপৰীতে থকা দণ্ডাধীশৰ আবাসীক কলনিত থকা এজগৰাকী দণ্ডাধীশৰ বাসগৃহত চলা চুৰি কাৰ্যই এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। নিৰ্বাচনী বিষয়া জাগ্ৰতি কালোৱাৰৰ চৰকাৰী বাসগৃহত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে বিষয়াগৰাকী শনি আৰু দেওবাৰে বাসগৃহত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান। চোৰে লৈ গ'ল সোণৰ অলংকাৰ। এই চুৰাকাণ্ডৰ খবৰ পোৱাৰ পিছতে মৰিগাওঁ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতে বিষয়াগৰাকীৰ প্ৰশ্ন- যদি আমিয়ে বৰ্তমান নিৰাপত্তাহীনতাত তেন্তে সাধাৰণ জনতাৰ কি হ'ব? বিশেষকৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাত এতিয়া বিষয়াগৰাকী আচম্বিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in