দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকৰ অকাল মৃত্যু

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকৰ অকাল মৃত্যু

যোৱা ১৮ ডিচেম্বৰৰ নিশা বিশ্বনাথ জিলাৰ বৰগাংত তীৰ্থযাৰ্ত্ৰী কঢ়িয়াই লৈ যাঁওতে সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বান্দৰদেৱা: যোৱা ১৮ ডিচেম্বৰৰ নিশা বিশ্বনাথ জিলাৰ বৰগাংত তীৰ্থযাৰ্ত্ৰী কঢ়িয়াই লৈ যাঁওতে সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাত গুৰুতৰভাবে আহত বাছ খনৰ চালক কাকু বৰা (জয়ন্ত বৰা)ৰ সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে।

কাকু বৰাৰ ঘৰ লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিৰ সমীপৰ বৰবালি ভকত গাঁৱত।পিতৃ-মাতৃহীন অকলশৰীয়া কাকু বৰাৰ বয়স আছিল প্ৰায় ২৭ বছৰ।দুৰ্ঘটনাটোত কাকুৰ হাত আৰু ভৰি ভঙাৰ লগতে পাকস্থলী ফাটি গৈছিল।

ইতিমধ্যে এটা অস্ত্ৰোপচাৰো হৈ গৈছিল।কিন্তু আজি হঠাৎ স্বাস্থ্যৰ অধিক অবনতি ঘটে আৰু অৱশেষত মৃত্যুক আকোৱালি লয়। অত্যন্ত অমায়িক আৰু সততাৰে চালকৰ কাম কৰি জীৱন নিৰ্বাহ কৰা কাকু বৰাৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

আৰু পঢ়ক: নগাঁৱত দুই মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in