মৰনৈ বেবেজিয়াত চোৰৰ চাফাই অভিযান

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জনবহুল ব্যৱসায়িক অঞ্চল মৰনৈ বেবেজীয়া চাৰি আলিত বুধবাৰে

author-image
Asomiya Pratidin
New Update
মৰনৈ বেবেজিয়াত চোৰৰ চাফাই অভিযান

মৰনৈ বেবেজিয়াত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জনবহুল ব্যৱসায়িক অঞ্চল মৰনৈ বেবেজীয়া চাৰি আলিত বুধবাৰে নিশা চোৰে চলাই  চাফাই অভিযান । বেবেজিয়া চাৰিআলিত অৱস্থিত মুঠ ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বুধবাৰে নিশা দুৱাৰৰ তলা ভাঙি লুটি নিলে প্ৰায় ডেৰ-দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু নগদ ধন।

Advertisment

প্ৰাপ্ত তথ্য মতে সঞ্জীৱ দাসৰ বেবেজিয়া চাৰিআলিৰ সঞ্জীৱ কমাৰ্চিয়েল আৰু সঞ্জীৱ ইলেকট্ৰনিকচৰ লগতে সমীপৰ অন্য এখন নিত্য ব্যৱহার্য সামগ্ৰীৰ দোকানৰ তলা ভাঙি চোৰে  ডেৰ -দুই লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন লুটি নিয়ে। ইয়াৰোপৰি চোৰৰ দলে দোকানৰ চি চি টিভি কেমেৰা ভাঙি, ডি ভি আৰ  মেচিনসহ সকলো যন্ত্ৰ- পাতি ভাঙি বিনষ্ট কৰি যায়।

পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি স্বতাধিকাৰীক অৱগত কৰাৰ পাছত ঘিলামৰা আৰক্ষীক সৰ্বশ্ৰান্ত ব্যৱসায়ীসকলে গোচৰ দিয়ে। ঘিলামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে বৃহত্তৰ মৰনৈ বেবেজিয়া অঞ্চলৰ শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে গৃহ বিভাগে মৰনৈ অঞ্চলত এটা আৰক্ষী চকীৰ গৃহ নিৰ্মাণ কৰিলে ঠিকেই কিন্ত্ত কাৰ্যতঃ এই ঘৰটো ভদঙীয়া জীৱ-জন্তুৱেহে ৰাজত্ব কৰি আহিছে । বছৰ বছৰ ধৰি এই আৰক্ষী চকীত এজনো আৰক্ষী নিযুক্ত নহ'ল । কেৱল নিৰ্বাচনৰ সময়ত আৰক্ষী শিবিৰ পাতিবলৈকে ব্যৱহাৰ কৰি অহা এইটো গৃহত যদি নাগৰিকৰ সুৰক্ষাৰ বাবে স্থায়ী আৰক্ষী চকী স্থাপন নকৰে তেন্তে  বৃহৎ চৰকাৰী পুঁজি কিয় অপচয় কৰিলে বুলি নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে।

বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সংগঠনে তৎকালে এইটো আৰক্ষী চকীত স্থায়ী বা অস্থায়ী ভাৱে হ'লেও আৰক্ষী বিষয়া জোৱান নিযুক্তিৰ দাবী জনাইছে। ঘিলামৰা থানাৰ পৰা বহু দূৰত অৱস্থিত এই অঞ্চলত  এটা আৰক্ষী চকী স্থাপন নকৰাৰ সুবিধালৈ বহু সময়ত বহু কূটাঘাত মূলক কাৰ্য  সংঘটিত হোৱাৰ লগতে একাংশ অপৰাধীৰ নিৰাপদ আশ্ৰয় থলী হিচাবেও অঞ্চলটো ব্যৱহৃত হৈ আহিছে । অথচ মৰ টোপনি ভগা নাই  নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা আৰু অপৰাধ ৰোধৰ দম্ভালি মাৰি অহা লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আৰু ৰাজ্যৰ গৃহ বিভাগৰ।

আৰু পঢ়কঃ কাব্যঋষি আৰু নাই...

আৰক্ষী