কাব্যঋষি আৰু নাই...

কাব্যঋষি আৰু নাই...

ডিজিটেল ডেস্ক : অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহিল সেই দু:খবৰটো । কাব্যঋষি আৰু নাই । শ্বাস-প্ৰশ্বাস জনিত ৰোগত প্ৰথমে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কাব্যঋষি গৰাকীক ।

কিন্তু স্বাস্থ্যৰ জটিলতাৰ বাবে স্থানান্তৰিত কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা এটি ষ্ট্ৰ'কত আক্ৰান্ত হৈছিল কাব্যঋষি গৰাকী । তাৰ পাছতেই চিকিৎসা মহাবিদ্যালয় খনৰ চিকিৎসকৰ দলে অৱশেষত ঘোষণা কৰিলে সেই দু:সহ খবৰটো । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে কাব্যঋষিগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in