/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/df5d7507-f4b8-4cc3-9d1e-f873996aec11/harbhajan.jpg)
হৰভজন সিঙৰ ঘৰত চোৰ ! লুটি নিলে হীৰাৰ আঙুঠিসহ প্ৰায় ১৬ লক্ষাধিক টকাৰ সম্পত্তি...
ডিজিটেল সংবাদ, লামডিংঃ লামডিংৰ এগৰাকী ঠিকাদাৰৰ ঘৰত চোৰে লুটি নিলে হীৰাৰ আঙুঠিসহ প্ৰায় ১৬ লক্ষাধিক টকাৰ সম্পত্তি। ঠিকাদাৰগৰাকীৰ নাম হৰভজন সিং। জানিব পৰা মতে গৃহস্থ ঘৰত বিড়ি, কাজু খোৱা চোৰে চলালে চাফাই অভিযান।
ভোগালী বিহুৰ প্রাক মুহূৰ্তত ঠিকাদাৰগৰাকীৰ ঘৰত চোৰে লুটি লৈ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি । লামডিঙ ষ্টেট বেংকৰ সমীপতে থকা ঠিকাদাৰ হৰভজণ সিংৰ ঘৰত প্ৰৱেশ কৰি প্ৰথমে চোৰে সেৱন কৰিলে মদ। তাৰপিছত বিড়ি শেষত পেপচি,কাজু খাই লক্ষাধিক টকাৰ বয় বস্তু লৈ পলায়ন কৰে।
ঘৰত কোন নথকাৰ সুযোগ লৈ ঠিকাদাৰ হৰভজন সিং ঘৰৰ পৰা চোৰে লুটি নিয়ে সোণৰ আ অলংকাৰৰ লগতে হীৰাৰ আঙুঠিসহ প্ৰায় ১৬ লক্ষাধিক টকাৰ বয় বস্তু লৈ যায় বুলি জানিব পৰা যায়। শুকুৰবাৰে ৰাতিপুৱা ঠিকাদাৰগৰাকীয়ে ঘৰত আহি দেখাৰ পিছতেই লামডিঙ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বৰ্তমান লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে বুলি জনায় ৷
আৰু পঢ়কঃ BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সম্বৰ্ধনা...