BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সম্বৰ্ধনা...

BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সম্বৰ্ধনা...
BCCI ৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইৰ যুটীয়া সম্পাদক তথা প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। সন্থাৰ একাদশ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সন্থাৰ সভাপতি পুলিন সাহা, সাধাৰণ সম্পাদক পবিত্ৰ গগৈ, উপদেষ্টা উদয় বৰগোহাঁই, যুটীয়া সম্পাদক হিলদুল গগৈকে ধৰি কেইবাগৰাকীও বিষয়বববীয়াৰ উপস্থিতি এই সম্বৰ্ধনা প্ৰদান কৰে।

উল্লেখ্য যে, প্ৰাক্তন ৰঞ্জি খেলুৱৈ দেৱজিৎ শইকীয়াই ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতেই অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। বৰ্তমান অসম চৰকাৰৰো তেওঁ মহাধিবক্তা।

অধিবক্তা হিচাপে দায়িত্ব পালন কৰাৰ সমন্তৰালকৈ দেৱজিৎ শইকীয়াই ক্ৰিকেট প্ৰশাসক হিচাপে অতি সক্ৰিয় ভূমিকা পালন কৰি আহিছে। তেওঁৰ কাৰ্যকালতে অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ প্ৰায় সংখ্যক জিলাতেই ক্ৰিকেটৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলিবলৈ সক্ষম হৈছে।

সমান্তৰালকৈ ক্ৰিকেটাৰৰ বাবেও গ্ৰহণ কৰিছিল বিভিন্ন পদক্ষেপ। সেয়ে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সভাপতি পুলিন সাহাই আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত কয় যে, এগৰাকী ৰঞ্জি খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰাৰ পিছত অধিবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰিলেও ক্ৰিকেট তথা ক্ৰীড়া জগতৰ লগত নিবিড়সম্পৰ্ক অব্যাহত ৰাখি অসমৰ ক্ৰীড়া ক্ষেত্ৰক জিপাল কৰিছে দেৱজিৎ শইকীয়াই।

আনহাতে সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ গগৈয়ে কয়, ৰাজ্য চৰকাৰৰ মহাধিবক্তা গৰাকীয়ে ৰাজ্যৰ ক্ৰিকেটক সমৃদ্ধ কৰাৰ দৰেই দেশৰ ক্ৰিকেটকো সমৃদ্ধ কৰিব। তেওঁৰ পৰা অসমৰ ক্ৰিকেট ক্ষেত্ৰখনে আৰু অধিক পাবলগীয়া আছে বুলিও আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in