বিলাসপুৰ বজাৰত নিশা চোৰৰ চাফাই অভিযান...

বিলাসপুৰ বজাৰত নিশা চোৰৰ চাফাই অভিযান...

author-image
Asomiya Pratidin
New Update
বিলাসপুৰ বজাৰত নিশা চোৰৰ চাফাই অভিযান...

বিলাসপুৰ বজাৰত নিশা চোৰৰ চাফাই অভিযান...

ডিজিটেল সংবাদ চিৰাং: বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বিলাসপুৰ বজাৰত এটা নিশাৰ ভিতৰতে ৬ টাকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে লুণ্ঠন কাৰ্য্য চলায় । বিলাসপুৰ বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী ইছপ আলী, জীৱন সাহা, কুকিল বৰ্মন, আবুছামা , হাচু আলী আৰু হাচমত আলীৰ ব্যৱসায় প্ৰতিষ্ঠাৰ তলা ভাঙি কেইবা লক্ষাধিক টকা মূল্যৰ সা-সামগ্ৰী চোৰে লুণ্ঠন কৰি লৈ যায় ।

Advertisment

আজি পুৱাৰ ভাগত চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছত বিলাসপুৰ বজাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । স্থানীয় গাওঁৰক্ষী বাহিনীৰ যোগে খবৰ লাভ কৰি বিদ্যাপুৰ আৰক্ষী চকীৰ পৰা আৰক্ষীৰ দল এটা বিলাসপুৰ বজাৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বাতৰি যুগুত কৰালৈকে উক্ত চুৰিকাণ্ডৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

ক্লিক কৰি পঢ়কঃ নুমলীগড়ৰ বায়’ ৰিফাইনেৰীৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ...

বিলাসপুৰ