ধেমাজি জিলা আয়ুক্তৰ সভাকক্ষত গুণোৎসৱৰ শীৰ্ষ গীত মুকলি শিক্ষা মন্ত্ৰীৰ

ধেমাজি জিলা শিক্ষা বিভাগৰ গুণোৎসৱৰ শীৰ্ষ গীত মুকলি শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ। ডাঃ ৰনোজ পেগুৱে জিলা আয়ুক্তৰ সভাকক্ষত মঙলবাৰে বিয়লি ৪.৩০ বজাত মুকলি কৰে গুণোৎসৱৰ শীৰ্ষ গীতটো।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃদ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে ৰাজ্যৰ ১৪ জিলাৰ লগতে ধেমাজি জিলা দ্বিতীয় পৰ্যায়ত অন্তভুৰ্ক্ত হৈছে ৷ অহা ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।

তদুপলক্ষে ধেমাজি জিলা শিক্ষা বিভাগৰ গুণোৎসৱৰ শীৰ্ষ গীত মুকলি শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ। ডাঃ ৰনোজ পেগুৱে জিলা আয়ুক্তৰ সভাকক্ষত মঙলবাৰে বিয়লি ৪.৩০ বজাত মুকলি কৰে গুণোৎসৱৰ শীৰ্ষ গীতটো।

লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা,ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ, শিক্ষা বিভাগৰ দায়িত্বত জিলাৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকন, অতিৰিক্ত সহকাৰী আয়ুক্ত জিষ্ণু শইকীয়াৰ লগতে ধেমাজি শিক্ষাবিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে উক্ত গীত মুকলি অনুষ্ঠানত ।

গুণোৎসৱৰ শীৰ্ষ গীত মুকলি কৰি বক্তব্যত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কয়ে যে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ পিতৃ-মাতৃ সকলৰ লগতে গাঁৱৰ সমূহ ৰাইজৰ সহযোগিতা ৰক্ষাৰ্থে লোৱাটোৱেই ইয়াৰ মুখ্য উদ্দেশ্যে ৷ সেইয়ে ধেমাজি জিলা শিক্ষা বিভাগে নিজাববীয়াকৈ এই থীমচং প্ৰস্তুত কৰি উলিয়াইছে।

এই কাৰ্য্যসূচীৰ পিছতেই শিক্ষা মন্ত্ৰীগৰাকীয়ে অহা ১০ জানুৱাৰীৰ পৰা ধেমাজি জিলা প্ৰশাসন,কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হবলগীয়াআত্মনিৰ্ভৰ ধেমাজি কাৰ্য্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

এখন স্বাৱলম্বী ধেমাজি গঢ়াৰসংকল্পৰে চতুৰ্থবাৰৰ বাবে আয়োজন কৰা আত্মনিৰ্ভৰ ধেমাজিত কৃষক সমাৰোহ,কৃষি বানিজ্য মেলা, আত্মসহায়ক গোটৰ মেলা আৰু প্ৰযুক্তি প্ৰদৰ্শনী আদি উপলব্ধ হব ।

শিক্ষামন্ত্ৰী ৰণোজ পেগু