/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/517b7807-6c3e-4835-9050-b80663208190/12.jpg)
ডিজিটেল সংবাদ, কামৰূপঃ ৪২ৰ শ্বহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দেশমাতৃৰ মহান শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। এই উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু পাৰ্কত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c6db8eb8-0950-41f4-a719-41637638eee7/GQFwNIfbEAA9bQo.jpg)
ভাৰত মাতৃৰ সুযোগ্য সন্তান শ্বহীদ কুশল কোঁৱৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আজিৰ এই পবিত্ৰ দিনটোৱে আমাক স্বজাতিৰ হকে আত্মবলিদান দিয়াৰ কথা সোঁৱৰাই দিয়ে। শ্বহীদগৰাকীয়ে দেশ সেৱাৰ হকে নিজকে হাঁহি মুখে আত্মবলিদান দিছিল । তেওঁৰ আত্মবলিদানে আমাক অতুলনীয় প্ৰেৰণা দিয়ে। আজিৰ এই স্বাধীন ভাৰতত আত্ম মৰ্যাদাৰে জীয়াই থাকিব পৰাৰ মূলতে হ'ল স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদান।- বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e13ba275-6c56-46ff-b0d5-6f865a99eca8/1b1d8ae5-b990-4adf-942e-d9413f935654.jpg)
তেওঁ লগতে কয় যে স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগ আৰু আত্মবলিদানে আমাক এখন স্বাধীন ভাৰত দিছে য'ত আমি বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাবে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছোঁ। কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে ভাৰতবৰ্ষক যিধৰণে সজাব বিচাৰিছিল সেইধৰণে যাতে আমি নিজক আগবঢ়াই নিব পাৰো তাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। |
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/76494af1-c05a-4a88-9f53-36a33d7b05c8/c3c75822-dec2-419e-8fdb-e8bfe98a19dd.jpg)
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ,আলি আজহাৰ হুছেইনে কোৰাণ পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ পাঠ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4a2aa72f-7927-49d1-9f13-aa5354aecae4/814cbd3a-b288-4263-8522-a58ea03ec111.jpg)
এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ,নাতি ফটিক কোঁৱৰ, ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি ৰাধানন্দ বৰা প্ৰমুখ্যে সন্মিলনৰ অন্যান্য বিষয়ববীয়া, পুণেশ্বৰ দুৱৰা, গকুল গগৈ, জীতেন ভাগৱতী, ৰোহিণী কুমাৰ শৰ্মা দলৈ, অৱলা ডেকা, দ্বীজেন্দ্ৰ মোহন শৰ্মা ,ধীৰেন চেতিয়া, বিনয় ৰঞ্জন শৰ্মা, কমল চন্দ্ৰ লহকৰ তথা জিলা প্ৰশাসনৰবিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
Also Read: বিটিআৰত গ্ৰীণ বড়োলেণ্ড মিছনঃ বিটিচি সচিবালয়ত নিষিদ্ধ প্লাষ্টিক...