/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/05ab3710-b3fd-47ce-aef1-4d3e07aafc6e/11.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰ এলেকাক সেউজীয়া কৰাৰ লক্ষ্যৰে শনিবাৰে শুভাৰম্ভ হ'ল গ্ৰীণ বডোলেণ্ড মিছন নামৰ এক আঁচনি। শনিবাৰে বিটিচি সচিবালয়ৰ চৌহদত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে গ্ৰীণ বডোলেণ্ড মিছনৰ শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ ইয়াৰ লগতে গ্ৰীণ বডোলেণ্ড মিছনৰ প্ৰতীকী চিহ্নৰ আজি শুভ উন্মোচন কৰে প্ৰমোদ বড়োৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/afc7ad76-4a4b-4c6f-9db0-fbfc583df13c/b81e857c-6071-482d-b6b8-6b88afed60b3.jpg)
গ্ৰীণ বড়োলেণ্ড মিছনৰ শুভাৰম্ভৰ পিছত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত সদৰী কৰা মতে গ্ৰীণ বডোলেণ্ড মিছনৰ অধীনত তিনিটা মূল লক্ষ্য লোৱা হৈছে ৷ প্ৰমোদ বড়োৱে সদৰী কৰা মতে ইয়াৰে প্ৰথমটো লক্ষ্য হ'ল বড়োলেণ্ড এলেকাত থকা ৩৪শতাংশ বনাঞ্চলৰ পৰা ধ্বংস হোৱা ১৪ শতাংশ বনাঞ্চল পুনৰ সেউজীয়াকৰণ কৰা ৷ ইয়াৰ বাবে বিভিন্ন এলেকাত গছপুলি ৰোপণৰ লগতে এশ বৰ্গ কিলোমিটাৰ এলেকাক বনাঞ্চল হিচাপে ঘোষণা কৰা হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/94b45b60-4587-4fbd-b2b4-2b39696c23af/a7d0ce38-cc7e-4993-84a8-6bd652d53a51.jpg)
দ্বিতীয়টো এবাৰ ব্যৱহৃত প্লাষ্টিক বিটিআৰ এলেকাত বন্ধ কৰা ৷ অহা তিনি বছৰৰ ভিতৰতে বিটিআৰত সম্পূৰ্ণৰূপে এবাৰ ব্যৱহৃত প্লাষ্টিক বন্ধ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে আৰু ইয়াৰ বাবে সজাগতা চলোবা হ'ব৷ গ্ৰীণ বড়োলেণ্ড মিছনৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিটিআৰ সচিবালয়ত পালিষ্টকৰ পানীৰ বটল আৰু এবাৰ ব্যৱহৃত পলিথিন বেগ নিষিদ্ধ কৰা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e451b68a-ef8b-4a33-81d5-dce814e64523/a2839f61-b8d2-479e-a67f-bad3dbd2eac3.jpg)
আনহাতে তৃতীয়টো লক্ষ্য হ'ল ভূগৰ্ভৰ জলস্তৰ যিহেতু কমি গৈ আছে , সেয়েহে বিটিআৰত ভূগৰ্ভৰ তলত থকা পানীৰ ব্যৱহাৰ লাহে লাহে কমাই দিয়া ৷ অহা ১০বছৰত ভূগৰ্ভৰ তলৰ পানীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ বিটিআৰত বহুতো নদ-নদী আৰু বিকল্প ব্যৱস্থা আছে আৰু ইয়াৰ বাবে আইআইটিৰ প্ৰফেচাৰসকলক লৈ গৱেষণা আৰম্ভ হৈছে বুলি সদৰী কৰিছে প্ৰমোদ বড়োৱে ।
উল্লেখ্য যে গ্ৰীণ বড়োলেণ্ড মিছনৰ বাবে বিটিআৰৰ বাজেটৰ ২শতাংশ ধন অৰ্থাৎ ১৬ কোটি টকা ধাৰ্য কৰা হৈছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰে ৩কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে ৷
Also Read: 'ছাইখ্লুম' গ্ৰন্থৰ বাবে ছেল্ফমেড ৰাণী বড়োলৈ সাহিত্য একাডেমী যুৱ বঁটা...