সাজু হওকঃ ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয়, চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ পৰীক্ষা...

সাজু হওকঃ তৃতীয়, চতুৰ্থ আৰু আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হ'ব ছেপ্তেম্বৰ-অক্টোবৰত...

author-image
Asomiya Pratidin
New Update
সাজু হওকঃ ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয়, চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ পৰীক্ষা...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ অধীনত অচিৰেই হাজাৰ হাজাৰ পদবীৰ বাবে অনুষ্ঠিত হব পৰীক্ষা। এই কথা খোদ মুখ্যমন্ত্ৰীয়ে সোমবাৰে নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, এই বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ পৰীক্ষা।

Advertisment

অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হব এই পৰীক্ষাসমূহ। ইফালে আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩অক্টোবৰত অনুষ্ঠিত হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হব।

প্ৰাৰম্ভিক, মূল আৰু সাক্ষাতকাৰ পৰ্ব অনুষ্ঠিত হব তৃতীয় বৰ্গৰ বাবে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত কেইটামান দিনৰ আগৰে পৰাই দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যকলাপক লৈ প্ৰতিনিশাই ফেচবুক লাইভত আহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

Also Read: জামুগুৰিহাটত ৫০বছৰীয়া লম্পটৰ কামনাৰ বলি ১৪ বছৰীয়া নাবালিকা...

হিমন্ত বিশ্ব শৰ্মা