জামুগুৰিহাটত ৫০বছৰীয়া লম্পটৰ কামনাৰ বলি ১৪ বছৰীয়া নাবালিকা...

জামুগুৰিহাটত ৫০বছৰীয়া লম্পটৰ কামনাৰ বলি ১৪ বছৰীয়া নাবালিকা...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ৫০বছৰীয়া লম্পটৰ কামনাৰ বলি ১৪ বছৰীয়া নাবালিকা...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ভৰলী চাপৰীত এগৰাকী ১৪ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ একে গাওঁৰে ৫০ বছৰীয়া এগৰাকী ব্যক্তিয়ে ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ভৰলী চাপৰী নিৱাসী লম্পট মফিজুদ্দিন আলি নামৰ পঞ্চাশ উদ্ধৰ্ৰ ব্যক্তি গৰাকীয়ে প্ৰতিৱেশী এগৰাকী ১৪ বছৰীয়া নবালিকাক পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ দুৱাৰ কৈ ধৰ্ষন কৰাৰ লগতে এই ঘটনা কাৰোৱাক কৈ দিলে তাইৰ লগতে বাপেক মাকক মাৰি পেলোৱাৰ ভাবুকি দিয়ে ৷

Advertisment

লম্পট মফিজুদ্দিন আলিয়ে এটা মাহতে নাৱালিকা গৰাকীক দুৱাৰকৈ ভয় ভাবুকিৰে ধৰ্ষন কৰে ৷ পাচত মফিজুদ্দিনৰ এনে অপকৰ্মত অতিষ্ঠ হৈ সমগ্ৰ ঘটনা নাৱালিকা গৰাকীয়ে নিজ বৰমাকক বিৱৰি কোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে এই ঘটনা সন্ধৰ্ভত নাবালিকা গৰাকীৰ পিতৃ মাতৃয়ে জামুগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে যদিও এই পৰ্যন্ত জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই লম্পট মফিজুদ্দিনক ৷

মনকৰিবলগীয়া যে নাবালিকা গৰাকীক পাচমাইলৰ এখন মাদ্ৰাছাত পিতৃ মাতৃয়ে নাম লগাই দিয়ে যদিও লম্পট মফিজুদ্দিনে মাদ্ৰাছাৰ পৰাও নাৱালিকা গৰাকীক ফুচুলাই নিয়াৰ চেষ্টা চলাইছিল ৷

জামুগুৰিহাট