ৰাজ্য চৰকাৰক জৱাবদিহি ৰাষ্ট্ৰপতি ভৱনৰঃ ১৯টাকৈ কেলেংকাৰীৰ গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে

ৰাজ্য চৰকাৰক জৱাবদিহি ৰাষ্ট্ৰপতি ভৱনৰঃ ১৯টাকৈ কেলেংকাৰীৰ গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পিছতো ১৯টাকৈ কেলেংকাৰীৰ গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে। ফলস্বৰূপে উক্ত কেলেংকাৰী সন্দৰ্ভত ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে ৰাষ্ট্ৰপতি ভৱনে।

উল্লেখ্য যে, বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে ১৮ খন PIL আৰু এখন লেখ আৱেদন দাখিল কৰিছিল আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে। ৬খন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী, সৰ্বশিক্ষাৰ শিকন সামগ্ৰীৰ নামত কেলেংকাৰী, সংখ্যালঘু উন্নয়নৰ নামত হোৱা বিত্তীয় কেলেংকাৰীৰ লগতে অন্য কেইবাটাও কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰা হৈছিল।

উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশনাৰ পাছতো তদন্ত নকৰিলে সংশ্লিষ্ট বিভাগ সমূহে। ৰাজ্য চৰকাৰে ন্যায়ালয়ক অৱমাননা কৰা পৰিপ্ৰেক্ষিতত মুখ্য সচিবলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। ১৯ খন পি এই এল সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল এই লৈ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি ভৱনে।

আনহাতে ১৭ জুলাইত ৰাষ্ট্ৰপতি সচিবালয়ে মুখ্য সচিবলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা পাছতে হাহাকাৰ অৱস্থা হৈছে প্ৰশাসনত। উক্ত বিষয়ক লৈ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত তৎকালীনভাৱে উত্তৰ বিচাৰিছে ৰাষ্ট্ৰপতি ভৱনে।

ৰাজ্য চৰকাৰক জৱাবদিহি ৰাষ্ট্ৰপতি ভৱনৰঃ ১৯টাকৈ কেলেংকাৰীৰ গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে
বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখৰ পৰা ছাত্ৰক অপহৰণৰ চেষ্টা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in