ডিজিটেল সংবাদ,বটদ্ৰৱা : মৰিগাঁও জিলাৰ অন্তৰ্গত তথা বটদ্ৰৱাৰ সমীপৱৰ্তী বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখৰ পৰা শুকুৰবাৰে পুৱা এজন ছাত্ৰক অপহৰণৰ চেষ্টাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। কহুৱা আটিস্থিত মলাৰাম হাজৰিকা সোঁৱৰণী জাতীয় বিদ্যালয়লৈ অহা এজন ছাত্ৰক এখন অচিনাকি বাহন ৰখাই অপহৰণৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।
ছাত্ৰজন বিদ্যালয়লৈ আহি ৰৈ থকা অৱস্থাত এখন অচিনাকি বাহন আহি ৰখি যায়। লগে লগে বাহনখনৰ ভিতৰৰ পৰা এজন লোকে ওলাই আহি গাড়ীত বহিবলৈ ছাত্ৰজনক জোৰ জবৰদস্তি কৰে।
সৌভাগ্যক্ৰমে সেই সময়তে উক্ত স্থানত স্থানীয় তিনিজন ব্যক্তি আহি উপস্থিত হোৱাৰ মাত্ৰকে ছাত্ৰজনক এৰি গাড়ী খন পলায়ন কৰে। লগে লগে প্ৰাণৰ শংকাত ছাত্ৰজন বিদ্যালয় কৰ্তৃপক্ষ আৰু পিতৃ মাতৃক অৱগত কৰে।
লগে লগে পিতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। উক্ত শিশু অপহৰণ চেষ্টাৰ ঘটনাৰ পাছত অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে।
উল্লেখ্য যে, বেবেজীয়াৰ পৰা ধিং সংযোগী উক্ত পথৰ কাষতে থকা মলাৰাম হাজৰিকা সোঁৱৰণী জাতীয় বিদ্যালয়, কহুৱাআটি হাইস্কুল, পশ্চিম শিলপুখৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শিলপুখুৰী হাইস্কুল, কনপাই বৰদলৈ হাইস্কুল আদি দহখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে। আজিৰ এই অপহৰণৰ চেষ্টা ঘটনা সন্দৰ্ভত অঞ্চলবাসী চিন্তিত হৈ পৰিছে। ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ বিমান হাজৰিকা আৰু অভিভাৱক সকলে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ ওচৰত নিৰাপত্তা দাবী তুলিছে।