ই-শ্ৰম পৰ্টেলত পঞ্জীভুক্ত শ্ৰমিকৰ সংখ্যা ৩০.৪ কোটিৰো অধিক

চলিত বৰ্ষৰ ১ ডিচেম্বৰলৈকে প্ৰায় ৩০.৪ কোটি শ্ৰমিকে ই-শ্ৰম প’ৰ্টেলত পঞ্জীয়ন কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে সদনত প্ৰতিবেদন দাখিল কৰে শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে

author-image
Asomiya Pratidin
New Update
zhtjr

ডিজিটেল ডেস্ক : ই- শ্ৰম প’ৰ্টেলত ৩০.৪ কোটিৰো অধিক সাধাৰণ শ্ৰমিকে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। চলিত বৰ্ষৰ ১ ডিচেম্বৰলৈকে প্ৰায় ৩০.৪ কোটি শ্ৰমিকে ই-শ্ৰম প’ৰ্টেলত পঞ্জীয়ন কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে সদনত প্ৰতিবেদন দাখিল কৰে শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে।

Advertisment

উল্লেখযোগ্য যে সাধাৰণ শ্ৰমিক হৈছে যিসকল শ্ৰমিকে কামৰ বিনিময়ত মজুৰি লাভ কৰে। শ্ৰম মন্ত্ৰালয়ৰ ভাষাত এইসকল শ্ৰমিকক ‘ইনফৰমেল ৱাৰ্কাৰ্ছ’ হিচাপে ধৰা হয়। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এই সকল ইনফৰমেল ৱাৰ্কাৰ্ছৰ বাবে ২০২১ চনৰ ২৬ আগষ্টত ই –শ্ৰম প’ৰ্টেলটো মুকলি কৰা হৈছিল। প’ৰ্টেলটোৰ উদ্দেশ্য হৈছে অসংগঠিত শ্ৰমিকসকলক স্ব-ঘোষণাৰ ভিত্তিত ইউনিভাৰ্চেল একাউণ্ট নম্বৰ চমুকৈ ইউ এ এন প্ৰদান কৰি পঞ্জীয়ন আৰু সহায় কৰা।

ৰাজ্যিক মন্ত্ৰীগৰাকীৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ ২৭.২২ কোটি শ্ৰমিকে ই- প’ৰ্টেলত নাম পঞ্জীয়ন কৰিছে। এতিয়ালৈকে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ ১২ খন আঁচনি ই-শ্ৰমৰ সৈতে একত্ৰিত কৰা হৈছে। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী সুৰাখসা বীমা যোজনা (PMSBY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY), আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰ আত্মনিৰ্ভৰ নিধি (PM-SVANidhi), পি এম আৱাস যোজনা আদি আঁচনি সাঙুৰি লোৱা হৈছে বুলি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

worker