টাৱাং দখলৰ চেষ্টা চীনৰ ! ৬০০ চীনা সেনাক প্ৰতিহত কৰিলে ভাৰতীয় সেনাই...

টাৱাং দখলৰ চেষ্টা চীনৰ ! ৬০০ চীনা সেনাক প্ৰতিহত কৰিলে ভাৰতীয় সেনাই...

author-image
Asomiya Pratidin
New Update
টাৱাং দখলৰ চেষ্টা চীনৰ ! ৬০০ চীনা সেনাক প্ৰতিহত কৰিলে ভাৰতীয় সেনাই...

টাৱাং দখলৰ চেষ্টা চীনৰ ! ৬০০ চীনা সেনাক প্ৰতিহত কৰিলে ভাৰতীয় সেনাই...

ডিজিটেল ডেস্কঃ অৰুণাচলৰ ভাৰত-চীন সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। যোৱা ৯ ডিচেম্বৰত সীমান্তত চীনা আৰু ভাৰতীয় সেনাৰ মাজত সংঘটিত হোৱা সংঘাতৰ পিছতে ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা।

Advertisment

এই সংঘাতৰ পিছতে ভাৰতীয় বায়ু সেনাই অৰুণাচল সীমান্তত বিমান টহল আৰম্ভ কৰিছে। টাৱাঙৰ আকাশত বৃদ্ধি পাইছে যুদ্ধ বিমানৰ চলাচল।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি আগ্ৰাসী চীনে ৯ ডিচেম্বৰত ভাৰতীয় সেনাৰে সংঘাতত লিপ্ত হোৱাৰ পূৰ্বেও তিনি বাৰকৈ চীনা ড্ৰোণ ভাৰতলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল। এনে ঘটনাৰ প্ৰতি লক্ষ্য কৰিয়েই ভাৰতীয় বায়ু সেনাই অৰুণাচল সীমান্ততত যুঁজাৰু বিমান অধিক মোতায়েন কৰিছে।

এ এন আইৰ মতে টাৱাঙৰ য়াংজিৰ এল অ' চিৰ কাষৰ দুটা অঞ্চলত চীনে ভাৰতীয় সেনাৰ অৱস্থিতিৰ বিৰোধিতা কৰিছে। যোৱা কেইবাটাও সপ্তাহত ভাৰতীয় সেনাৰ এই চকীসমূহৰ ফাৰে চীনে ড্ৰোণ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আহিছে।

অৱশ্যে ভাৰতীয় সেনাই চীনৰ এনে প্ৰচেষ্টা বিফল কৰিছে। সূত্ৰত প্ৰকাশিত খবৰ মতে চীনা ড্ৰোণ যদিহে এল অ' চিৰ সমতুল্য ভাৱে উৰে তেন্তে ভাৰতীয় সেনাৰ ইয়াত কোনো সমস্যা নাথাকিব।

যদিহে চীনৰ ড্ৰোণ বা বিমান ভাৰতীয় সীমালৈ আগবাঢ়ি আহে তেন্তে চীনৰ সেই ড্ৰোণ আৰু বিমানৰ বিৰুদ্ধে ভাৰতীয় বায়ু সেনাই আক্ৰমনাত্মক ৰূপত ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ্য যে, দেশৰ আভ্যন্তৰিণ প্ৰতিৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৰ্বাঞ্চলত বায়ু সেনাই উপস্থিতি যথেষ্ট শক্তিশালী কৰা হৈছে।

তেজপুৰ আৰু তিনিচুকীয়াৰ বিমানঘাটিত চুখই-৩০ মোতায়েন কৰা হৈছে। ৰাফেল যুঁজাৰু বিমান ৰখা হৈছে পশ্চিমবংগৰ হাছিমাৰাত। এই ঠাইৰ পৰা অতি কম সময়তে ৰাফেলে উত্তৰ পূৰ্বাঞ্চলৰ আকাশত উৰি প্ৰতিৰক্ষাক অধিক শক্তিশালী কৰি তুলিব পাৰে।

উল্লেখ্য যে টাৱাঙ সাগৰপৃষ্ঠৰ পৰা ১৭ হাজাৰ ফুট উচ্চতাত অৱস্থিত। প্ৰতিৰক্ষাৰ ফালৰ পৰা টাৱাঙ অতি গুৰুত্বপূৰ্ণ। সমগ্ৰ অৰুণাচল প্ৰদেশ টাৱাঙৰ পৰা নিৰিক্ষণ কৰিব পাৰি।

যাৰ বাবে চীনে টাৱাং দখল কৰিবলৈ চেষ্টা চলাই আছে বুলি খবৰ প্ৰকাশ পাইছে। ১৯৬২ ৰ যুদ্ধত চীনে টাৱাং দখল কৰিছিল। অৱশ্যে যুদ্ধ বিৰতিৰ পিছত চীন টাৱাঙৰ পৰা পিছুৱাই গৈছিল। টাৱাঙৰ ওপৰত চীনৰ ৰঙা চকুৰ আন এক কাৰণ হ'ল তীব্বত।

টাৱাঙৰ পৰা তিব্বতৰ ওপৰত নজৰ ৰখাটো অতি সহজ। আন এক তথ্য অনুসৰি চীনে টাৱাং দখলৰ চক্ৰান্তৰ আঁৰত আছে দালাই লামা। ১৯৫৯ চনত তিব্বত এৰি দালাই লামাই টাৱাঙত প্ৰৱেশ কৰি তাতেই কিছুদিন থাকি পৰৱৰ্তী সময়ত টাৱাঙৰ পৰা নামি আহিছিল।

টাৱাঙত নিৰ্মাণ কৰা হৈছিল ডাঙৰ বৌদ্ধ মঠো। তিব্বতৰ চীনৰ অৱস্থিতি বিৰোধিতা কৰা দালাই লামাৰ বাবেই এতিয়া চীনে টাৱাং দখল কৰাটো সন্মানৰ যুঁজ হিচাপে গণ্য কৰিছে বুলিও চৰ্চা চলিছে।

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত টাৱাঙৰ য়াংষ্টেচ ১৭ হাজাৰ ফুট উচ্চতাত থকা ভাৰতীয় চকী দখল কৰিবলৈ প্ৰায় ৬০০ চীনা সেনাই চেষ্টা চলাইছিল। ভাৰতত অনুপ্ৰৱেশ কৰি চীনৰ সেনাই চলোৱা এই অপচেষ্টাৰ সময়ত তেওঁলোকে লাঠি, বৈদ্যুতিক লাঠিকে সজ্জিত হৈ আহিছিল।

এই অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু হৈ আছিল ভাৰতীয় সেনা। দুয়ো পক্ষৰ সংঘাতৰ অন্তত ভাৰতৰ ৩০ জন সেনা আহত হোৱাৰ তথ্য লাভ কৰাৰ বিপৰীতে চীনৰ তাতোকৈ বেছি সেনা আহত হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ভাৰতীয় সেনাৰ সূত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ মতে বহু চীনা সেনাৰ হাড় ভাঙি পঠাইছে ভাৰতীয় সেনাই।

ক্লিক কৰি পঢ়কঃ ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান...

অৰুণাচল প্ৰদেশ এল অ' চি টাৱাং ভাৰত চীন সংঘাত