/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3bdec063-d3d6-4dc2-bd0d-6ae32cd78de6/369.jpg)
ডিজিটেল সংবাদ,ফিল’বাৰী : ফিল’বাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষী হোৱাৰ সপোন পুহি ৰখা এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ খবৰে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে সোণালী মৰাণ নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে নিজৰ ৰঙা স্কুটীখন লৈ ৰূপাইৰ ভাৰাঘৰৰ পৰা ওলাই গৈছিল। কিন্তু ইয়াৰ পাছতে সন্ধিয়া কাকপথাৰৰ গন্ধৈগুৰি বনাঞ্চলৰ কাষত অচেতন অৱস্থাত একাংশ লোকে সোণালী মৰাণক উদ্ধাৰ কৰে ৷
উক্ত দিনা নিশাই উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে তেঁওক তিনিচুকীয়া অভিমুখে নিয়ে যদিও আদবাটতে ছাত্ৰীগৰাকীৰ বিয়োগ ঘটে ৷ এই ঘটনাৰ পাছতে সোণালী মৰাণৰ দৰিদ্ৰ পৰিয়ালটিৰ মূৰত সৰগ ভাগি পৰিছে।
উক্ত ঘটনাৰ পাছতে শুকুৰবাৰে সোণালী মৰাণৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। আৰু সন্ধিয়াই ছাত্ৰীগৰাকীৰ নিথৰদেহ ফিল’বাৰীৰ তৰাণিত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷
ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে নানা প্ৰতিক্ৰিয়াৰ। একাংশৰ মতে ছাত্ৰীগৰাকীয়ে বিহ পান কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে। ইয়াৰৰোপৰি ছাত্ৰগৰাকীয়ে স্কুটিলৈ কিয় কাকপথাৰলৈ গৈ এই ঘটনাত জড়িত হৈ পৰিল সেয়াই এতিয়া একপ্ৰকাৰে ডাঙৰ প্ৰশ্ন চিহ্নৰ সৃষ্টি হৈছে ৷
সন্দেহ কৰা অনুসৰি কাৰোবাৰ প্ৰৰোচনা পৰি নতুবা প্ৰতাৰণাৰ চিকাৰ হৈ এনে ঘটনা সংঘটিত হোৱা বুলি ক’ব খোজে। আন একাংশই প্ৰতাৰকৰ ফান্দত পৰা বুলি সন্দেহ প্ৰকাশ কৰে।
উল্লেখ কৰা প্ৰয়োজন যে আৰক্ষী হোৱাৰ সপোন পুহি ৰখা ছাত্ৰীগৰাকীয়ে আচাৰ বনোৱা কাম কৰিও উপাৰ্জনৰ পথ মোকলাইছিল। ঘটনা সংঘটিত হোৱাৰ দিনা পুৱা আচাৰ বনাবৰ বাবে ৰূপাই অভিমুখে যোৱাৰ কথা একাংশ ব্যক্ত কৰে।
এতিয়া এই সমগ্ৰ ঘটনাৰ ৰহস্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us