CWC ৰ বৈঠকত ৰাহুলকেই বিৰোধী দলপতিৰ প্ৰস্তাৱ...

১০ বছৰৰ অন্তত কংগ্ৰেছে পাব বিৰোধী দলপতিৰ পদ
CWC ৰ বৈঠকত ৰাহুলকেই বিৰোধী দলপতিৰ প্ৰস্তাৱ...
CWC ৰ বৈঠকত ৰাহুলকেই বিৰোধী দলপতিৰ প্ৰস্তাৱ...

ডিজিটেল ডেস্কঃ শনিবাৰে দিনৰ ১ বজাৰ পৰা দিল্লীত আৰম্ভ হোৱা কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত নিৰ্বাচনী ফলাফল তথা দলটোৰ পৰৱৰ্তী ৰণনীতি সন্দৰ্ভত আলোচনা হৈছে। এই বৈঠকতে আগন্তক সময়ত লোকসভাত বিৰোধী দলৰ দলপতি হিচাপে কাক প্ৰক্ষেপ কৰিব এই বিষয়েও সিদ্ধান্ত লোৱাৰ কথা।

ইতিমধ্যে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ সাংসদৰ লগতে অন্যান্য নেতাই ৰাহুল গান্ধীকেই এই দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। আজিৰ বৈঠকতো সেই প্ৰতিচ্ছবিয়েই পৰিলক্ষিত হ’ল।

চি ডব্লিউ চিৰ বৈঠকত আমেঠি আৰু ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা ৰাহুল গান্ধীকেই সকলোৱে লোকসভাত বিৰোধী দলপতিৰ দায়িত্ব পালনৰ বাবে আহ্বান জনাইছে। অৱশ্যে ৰাহুল গান্ধীয়ে এই পৰ্যন্ত সেই দায়িত্ব গ্ৰহণ কৰা নাই যদিও অস্বীকাৰো কৰা নাই।

এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলৰ দলপতিৰ দায়িত্ব পালন কৰিবলৈ আহ্বান কৰা হৈছে। তেওঁ পুনৰ কয়, কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে একমত হৈ ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলৰ দলপতি পদ ল'বলৈ আহ্বান জনাইছে। দলৰ সকলো নেতাৰেই এই প্ৰস্তাৱত সমৰ্থন আছে। চি ডব্লিউ চিয়ে বিচাৰে ৰাহুল গান্ধী লোকসভাত বিৰোধীৰ নেতা হওক।

তেওঁ কয়, লোকসভা নিৰ্বাচনৰ সময়ত আমি কৃষক, মহিলা, সামাজিক ন্যায়, মূল্যবৃদ্ধি আৰু সংস্থাপনহীনতাৰ বিষয়বোৰ উত্থাপন কৰিছিলোঁ। লোকসভাতো এইবোৰ বিষয় উত্থাপন কৰাটো জৰুৰী। সেয়ে ইয়াৰ বাবে ৰাহুল গান্ধীতকৈ যোগ্য আৰু কোনো হ’ব নোৱাৰে।

বেণুগোপালে পুনৰ কয়, শক্তিশালী বিৰোধীৰ ভূমিকাৰ বাবে আৰু সংবিধানৰ ৰক্ষাৰ বাবে ৰাহুল গান্ধীৰ প্ৰয়োজন আছে আৰু তেওঁৰ নেতৃত্বতে এই যুঁজ আগবাঢ়ি যাব।

উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯৯ খন আসনত বিজয় সাব্যস্ত কৰিছে। ইয়াৰোপৰি এজন নিৰ্দলীয় বিধায়কে কংগ্ৰেছত যোগদান কৰি দলটোৰ শক্তি ১০০ লৈ বৃদ্ধি কৰিছে। ফলত ১০ বছৰৰ অন্তত এইবাৰ লোকসভাত কংগ্ৰেছে লাভ কৰিব বিৰোধী দলপতিৰ পদ লাভ কৰিব।

এই পদৰ বাবে কংগ্ৰেছে এজন শক্তিশালী নেতাক প্ৰক্ষেপ কৰাটো দেশবাসীয়েও বিচাৰিছে। অৱশ্যে যদিহে ৰাহুল গান্ধীয়ে এই পদ গ্ৰহণ নকৰে তেন্তে কোন হ’ব বিকল্প তাকলৈয়ো চৰ্চা আৰম্ভ হৈছে।

CWC ৰ বৈঠকত ৰাহুলকেই বিৰোধী দলপতিৰ প্ৰস্তাৱ...
ছত্তিশগড়ৰ নাৰায়ণপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ ৭ মাওবাদী নিহত, ৩ জোৱান আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in