/asomiyapratidin/media/media_files/2025/06/15/wtLwT9uVS4XeZUnhC5te.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ সামূহিক উন্নয়ন আৰু সমাজত চলি থকা বৈষম্যমূলক কাম-কাজৰ বিৰুদ্ধে মাত মতাৰ লগতে নিজৰ অঞ্চলসমূহৰ অভাৱ-অভিযোগ, সমস্যা ইত্যাদি বিষয়বোৰ সমাধানৰ বাবে জিলা সচেতন নাগৰিক মঞ্চই কেতবোৰ আলোচনা কৰে। এইক্ষেত্ৰত সবল পদক্ষেপৰে আগবাঢ়ি মুকলিকৈ আলোচনা কৰি জিলা প্ৰশাসন আৰু চৰকাৰক দৃষ্টি আৰ্কষণ উদ্দেশ্যে ধেমাজি জিলা নাগৰিক সচেতন মঞ্চৰ তদৰ্থ সমিতিখনৰ সাধাৰণ সভাখনি শনিবাৰে অনুষ্ঠিত হয় ৷
পুৱা ১১-০০ বজাত ধেমাজি জিলা মহিলা সমিতিৰ ভৱনত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সভাপতিত্ব কৰে তদৰ্থ সমিতিৰ সভাপতি নীলাম্বৰ দত্তই ৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে তদৰ্থ সমিতিৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ হাজৰিকাই ৷
তদৰ্থ সমিতিৰ প্ৰচাৰ সম্পাদক ও জিলা সমন্বয়ক অশ্বিনী কুমাৰ দুৱৰাই আঁত ধৰা সভাখনত জিলাখনৰ জটিল সমস্যাসমূহৰ লগতে জিলাখনৰ প্ৰতি অঞ্চলৰ বিভিন্ন অভাৱ-অভিযোগসমূৰ সম্পৰ্কে গুৰুত্বসহকাৰে বিতংকৈ আলোচনা কৰা হয় ৷ সভাই পূৰ্বৰ তদৰ্থ সমিতিখনৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ সৈতে আন বহু কেইগৰাকী নতুন বিষয়ববীয়া সদস্যৰ অন্তভুৰ্ক্তৰে সমিতিখনৰ পূৰ্ণাংগ ৰূপ দি এখনি শক্তিশালী সমিতি গঠন কৰে ৷
ধেমাজি জিলাখনৰ ধেমাজি, মাছখোৱা, বৰদলনি, গোগামুখ , চিচিবৰগাঁও , চিলাপথাৰ , চিচিটঙানী , চিমেনচাপৰি , পশ্চিম ধেমাজি আৰু জোনাইৰ সৈতে ১০ টা অঞ্চলৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সভাত ধেমাজি জিলাখনক চৰকাৰ আৰু জিলা প্ৰশাসনে সকলো সময়তে চূড়ান্ত অৱহেলা আৰু বৈষম্যতাৰ দৃষ্টি বাবে জিলাই বহু দিশতে পিছ পৰি আছে বুলিও সভাত ৰাইজে আক্ষেপ কৰে ৷ জিলাখনৰ উচ্চ শিক্ষাৰ বাবে এখনি বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি পৰ্যন্ত বিশ্ববিদ্যালয় স্থাপন নহ’ল বুলি আক্ষেপ কৰে ৷
জিলাখনৰ কলেজ আৰু হায়াৰ চেকেণ্ডাৰী সমূহত আজিও বিজ্ঞান শাখা খোলা নহ’ল ৷ জিলাখনৰ ছাত্ৰীসকলৰ বাবে বি এছ চি নাৰ্চিং কলেজ এখনৰো খোলাৰ দাবী কৰা হয় ৷ মাছৰ বাবে বিখ্যাত হৈ পৰা ধেমাজি জিলাত মাছৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে ধেমাজিত মীন মহাবিদ্যালয় স্থাপন কৰাৰ উপৰিও জিলাখনত কাজিনেমু , ভোটজলকীয়া ,আনাৰস, ৰঙালাও ইত্যাদি উৎপাদানেৰে জিলাখনত সংস্থাপনৰ বাট সৃষ্টি কৰাৰ জিলাত পশুধনৰ দ্বাৰা অৰ্থনীতি গঢ়াৰ বাবে ন্যূনতম চাৰিখন পূৰ্ণ পৰ্যায়ৰ পশু চিকিৎসালয় স্থাপনৰো দাবী উথাপন কৰা হয় ৷ ১৯৬২ চনৰ পৰাই ধেমাজি নগৰৰ মাজমজিয়াতে জৰাজীৰ্ণ হৈ থকা প্ৰমোদ ভৱনটো বছৰ বছৰ ধৰি ধেমাজি ক্লাবে নিৰ্মান কৰা দাবী জনাই আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷
উল্লেখ্য যে জৰাজীৰ্ণ প্ৰমোদ ভৱনটোৰ মুঠ এবিঘাৰ সংৰক্ষিত ভূমিৰ এলেকাত সংগীত , নাটক আৰু সভাগৃহৰে অত্যাধুনিক হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনায় ৷ সভাত জ্যেষ্ঠ ব্যক্তি ক্ৰমে বিদ্যাধৰ দলে , বিনীতা চৌধুৰী গাৰোডীয়া , মাখন কামান কুলি , ফণী দত্ত , দেৱেশ্বৰ বৰুৱা , তিলেন গগৈ , ৰবি গগৈ , বলীন বৰগোহাঞি , কৰবী দেউৰী , বিমল গগৈ গোহাঁই , উমেশ পাদুন, প্ৰেমানন্দ তালুকদাৰ , লক্ষীনাৰায়ন বুঢ়াগোহাঁই , নবীন চন্দ্ৰ পাইট,বিনোদ গগৈ,ৰনজিৎ গগৈ আৰু জয়ন্ত কোঁচকে ধৰি বিভিন্ন অঞ্চলৰ লোক সকলে বক্তব্য ৰাখি পৰামৰ্শ আগবঢ়ায় ।
সভাত গোগামুখৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰিয়ৰাম দত্তই এটি সুন্দৰ গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ৷ সভাৰ সিদ্ধান্ত অনুসৰি জিলাখনৰ দহটা অঞ্চলত অতিশীঘ্ৰেই আঞ্চলিক সমিতি গঠন কৰি অঞ্চলভিত্তিক সমস্যাসমূহক লৈ জিলা নাগৰিক সচেতন মঞ্চই ব্যাপক কাৰ্য্যসূচী গ্ৰহন কৰিব ৷ শেষত জাতীয় সংগীতৰে সভা সফল সামৰণি পৰে৷