/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9081c29c-64c9-4c15-b66c-0271387c77ca/1.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ প্ৰথমে বোকাখাত ৰজাবাৰী পঞ্চায়ত পৰ্যায়ত গামখাৰু বিহু দলে "গ" শাখাত প্ৰথম স্থান লাভ কৰি বোকাখাত বিধান সভা পৰ্যায়ত প্ৰথম স্থান লাভ কৰি গোলাঘাট জিলা পৰ্যায়ত "গ" শাখাত প্ৰথম স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়ত গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে ৷
যোৱা ২ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত গ্ৰেণ্ড ফাইনেলত অনুষ্ঠিত হৈ যোৱা বাছনি প্ৰতিযোগিতাত গামখাৰু বিহু দল বাছনি হৈ ফেব্ৰুৱাৰী মাহৰ ৫তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক মহাসংগ্রামৰ গ্ৰেণ্ড ফাইনেলত বিহু শাখাত অংশগ্ৰহণ কৰি গামখাৰু বিহু দলে ৰাজ্যিক পৰ্যায়ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
মুখ্যমন্ত্ৰীৰ পৰা বঁটা গ্ৰহণ কৰি গামখাৰু বিহু দলে কয় যে ৰাইজৰ আৰ্শীবাদত গামখাৰু বিহু দলে অসমৰ এই সৰ্ববৃহৎ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোলাঘাট জিলাৰ লগতে বোকাখাতলৈ সুনাম কঢিয়াই আনিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ac5e452d-3eaa-48f5-a4f2-6806a5efae19/WhatsApp_Image_2024_02_09_at_4_50_27_PM.jpeg)
কাজিৰঙা-বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা বিহু দলটোত আছে নিপু বৰা, গকুল নাথ, বিদুৰেড ফুকন, প্ৰসেনজিৎ দুৱৰা, দীপাংকৰ দুৱানিয়া, মিন্টু বৰা, পলাশ বুঢ়াগোহাঁই, অমৃত গগৈ, নৱজ্যোতি শইকীয়া, অংকিতা কাশ্যপ, প্ৰাৰ্থনা দত্ত, মেঘনা বৰুৱা, প্ৰিয়ংকা গগৈ, অনিন্দিতা নাথ আৰু পিংকি গগৈ ৷
Also Read: উত্তৰাখণ্ডৰ হালদ্ৱানীত উত্তপ্ত পৰিস্থিতিঃ মছজিদ-মাদ্ৰাছাৰ ওপৰত চলিল আৰক্ষীৰ উচ্ছেদ অভিযান