উত্তৰাখণ্ডৰ হালদ্ৱানীত উত্তপ্ত পৰিস্থিতিঃ মছজিদ-মাদ্ৰাছাৰ ওপৰত চলিল আৰক্ষীৰ উচ্ছেদ অভিযান

উত্তৰাখণ্ডৰ হালদ্ৱানীত উত্তপ্ত পৰিস্থিতিঃ  মছজিদ-মাদ্ৰাছাৰ ওপৰত চলিল আৰক্ষীৰ উচ্ছেদ অভিযান

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হালদ্ৱানীৰ বনভুলপুৰাৰ চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মিত মছজিদ আৰু মাদ্ৰাছাৰ ওপৰত পৌৰনিগমে বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলায়। এই ঘটনাৰ পিছতেই অঞ্চলটোত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সূত্ৰপাত হয়।

উক্ত ঘটনাৰ পাছতে জিলা প্ৰশাসন আৰু জনসাধাৰণৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। জানিব পৰা মতে, জনসাধাৰণে আৰক্ষীৰ ওপৰত শিলগুটি আৰু পেট্ৰ'ল বোমা নিক্ষেপ কৰাৰ লগতে বনভুলপুৰা আৰক্ষী থানাত অগ্নিসংযোগ কৰাৰ কথা পোহৰলৈ আহিছে।

আনহাতে, উত্তেজনা বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক দুষ্কৃতিকাৰীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । আৰক্ষীৰ গুলীচালনাৰ ফলত পিতৃ-পুত্ৰসহ ৪জন সংঘৰ্ষকাৰী নিহত হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। একেদৰে অঞ্চলটোত শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগৰ ফলত আৰক্ষী-প্ৰশাসনৰো ভালেকেইগৰাকী আহত হয়।

ইফালে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰাখণ্ড চৰকাৰে হালদ্ৱানীত সান্ধ্য আইন ঘোষণা কৰাৰ লগতে সমান্তৰালকৈ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ইউএপিএৰ অধীনত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰে । উল্লেখযোগ্য যে হালদ্ৱানীৰ মুছলমান অধ্যুষিত অঞ্চল বনভুলপুৰাত পৌৰ নিগমৰ ভূমিত মছজিদ আৰু মাদ্ৰাছা অবৈধভাৱে নিৰ্মাণ কৰাৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু হালদ্ৱানী পৌৰ নিগমে মাদ্ৰাছা আৰু মছজিদ পৰিচালনা সমিতিক জাননী জাৰি কৰিছিল ; কিন্তু মাদ্ৰাছা আৰু মছজিদ পৰিচালনা সমিতিয়ে এই জাননী গুৰুত্বসহকাৰে নোলোৱাত আৰক্ষী-প্ৰশাসনে বৃহস্পতিবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে।

উত্তৰাখণ্ডৰ হালদ্ৱানীত উত্তপ্ত পৰিস্থিতিঃ  মছজিদ-মাদ্ৰাছাৰ ওপৰত চলিল আৰক্ষীৰ উচ্ছেদ অভিযান
মহানুভৱতা : ৰতন টাটাই নিৰ্মাণ কৰিব কুকুৰৰ বাবে চিকিৎসালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in