/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b5e47a53-0f53-4442-a612-7bdd3188ac4e/2.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইটাখোলা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াক শনিবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/aada0019-f6ee-430d-bb9f-c85d12b5c257/cc43e17c-23e1-470b-8a00-2f46d33fc464.jpg)
শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত ইটাখোলা ব্যৱসায় সন্থা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কবি, সাহিত্যিক,সাংবাদিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাৰ উপস্থিতিত ভাৰপ্ৰাপ্ত বিষয়াজনক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eb2784fa-370a-4d5f-ba80-ec16949141a5/35c630ee-7ad0-4272-ade8-383644eec0ed.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/25e55f66-841c-4640-a365-493bb26dc051/ef49680f-07f0-4b95-9863-2cf29df38601.jpg)
বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিষয়াগৰাকীৰ লগতে অঞ্চলবাসী আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। বৃহত্তৰ ইটাখোলা অঞ্চলটোৰ আাইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ৰাইজৰ মাজত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি অহা ইটাখোল আৰক্ষী চকীৰ সৎ আৰু নিকা ভাৱমূৰ্তিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ বিদায়ত ৰাইজে দুখ প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2e4ff51e-9959-4075-9088-a47fc4120b66/3a7cb71d-fb23-41c4-8330-d03f3222a2f6.jpg)
অঞ্চলবাসীয়ে বিষয়াগৰাকীৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছে । লগতে ৰাইজে আৰক্ষী বিষয়াগৰাকীক আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰে৷
Also Read: আবকাৰী বিভাগৰ অভিযান: তামুলপুৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ