/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/10871b6c-eb08-4bef-8974-5a3126911a5a/1.jpg)
ডিজিটেল ডেস্কঃ তামুলপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে এই বৃহৎ অভিযান চলায়। আবকাৰী বিভাগৰ দলটোৱে তামুলপুৰ জিলাত ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সুৰাৰ বিশাল ৰেকেট পোহৰলৈ আনে। দলটোৱে অভিযানত ১০০০ৰো অধিক অবৈধ সুৰাৰ কাৰ্টুন জব্দ কৰিছে।
উল্লেখযোগ্য যে এই অভিযানতে বৃহৎ সংখ্যক ডুপ্লিকেট লেবেল হলোগ্ৰামো উদ্ধাৰ কৰা হৈছে। অবৈধ সুৰাৰ বিৰুদ্ধে সন্ধান অভিযান এতিয়াও অব্যাহত আছে বুলি আবকাৰী বিভাগে জানিবলৈ দিছে।
ৰাজ্যত নকল সুৰা সেৱন বন্ধ কৰাৰ কাৰণে এক বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। উল্লেখ্য যে যিকোনো ধৰণৰ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে এক শক্তিশালী অভিযান আৰম্ভ কৰাৰ কথা আইআৰএছৰ আবকাৰী আয়ুক্ত জিতু দলেয়ে জানিবলৈ দিয়ে।
Also Read: তামুলপুৰত অবৈধ সুৰাৰ গুডামত আবকাৰী চোৰাংচোৱাৰ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us